অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ১৪ গৰাকী ৰহিংগিয়াক গ্ৰেপ্তাৰ
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ১৪ জন বিদেশী নাগৰিকক আগৰতলা-নতুন দিল্লী স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা লোকসকল সম্ভৱত বাংলাদেশৰ পৰা অহা ৰহিংগিয়া সম্প্ৰদায়ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।
বৃহস্পতিবাৰে নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰে’লৱেৰ এজন প্ৰৱক্তাই এই তথ্য প্ৰদান কৰে।
তেওঁ কয় যে ৰে’লৱেৰ নিৰাপত্তা হেল্পলাইন ১৮২ কাৰ্যকৰী হোৱাটো প্ৰমাণিত হৈছিল আৰু ইয়াৰ বাবেই এই লোকসকলক আটক কৰিবলৈ সক্ষম হৈছো।
মুখপাত্ৰজনে কয় যে ২৪ নৱেম্বৰত ৰেইলৱে সুৰক্ষা বাহিনীৰ আলিপুৰদুৱাৰ সুৰক্ষা নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইনত এজন যাত্ৰীয়ে আন কেইজনমান যাত্ৰীৰ দুৰ্ব্যৱহাৰৰ বিষয়ে ফোন কৰি অভিযোগ দাখিল কৰিছিল।
ইয়াৰ পিছতে আৰ পি এফে এই ঘটনাটোৰ সবিশেষ জলপাইগুৰি ষ্টেশ্যনৰ বিষয়াসকলক অৱগত কৰে।
যেতিয়া ট্ৰেইনখন জলপাইগুৰি ষ্টেশ্যনত উপস্থিত হয়, অভিযোগ অনুসৰি আৰ পি এফৰ এটা দলে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।
তদন্তত আৰ পি এফৰ দলটোৱে জানিব পাৰে যে যিকেইজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল হৈছিল সেই আটাইকেইগৰাকী লোক অবৈধ বিদেশী।
প্ৰকৃত পৰিচয় লুকুৱাই ভ্ৰমণ কৰি থকা লোক কেইগৰাকী বাংলাদেশৰ কক্স বজাৰস্থিত এটা শৰণাৰ্থী শিৱিৰৰ পৰা পলাই অবৈধবাৱে ভাৰতত প্ৰৱেশ কৰা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহে।
আটক কৰা লোককেইজনক দণ্ডাধীশৰ দ্বাৰা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
The post অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ১৪ গৰাকী ৰহিংগিয়াক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3fFtNKN
via IFTTT
Comments
Post a Comment