মূৰৰ চুলি খুৰাই শাস্তি প্ৰদান হিন্দু যুৱতীক ,কাৰণ বেলেগ সম্প্ৰদায়ৰ লোকলৈ পলাই গৈছিল
গোৱালপাৰাত সংঘটিত হ’ল এক জঘন্য ঘটনা । একবিংশ শতিকাতো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত এতিয়াও আচ্ছন্ন একাংশ লোক। শেহতীয়াকৈ একাংশ লোকে এগৰাকী নাবালিকাক খুৰাই দিলে চুলি ৷ অপৰাধ কেৱল অন্য সম্প্ৰদায়ৰ যুৱকৰ লগত পলাই যোৱা ৷
এইখন অসমতে সংঘটিত হৈছে এই জঘন্য ঘটনা৷ এখন সমাজৰ একাংশ মানৱতাহীন মানৱে সংঘটিত কৰিলে এই ঘৃণনীয় কাণ্ড । এগৰাকী নাবালিকা কণমানিক ৰাইজে মূৰৰ চুলি খুৰাই দিলে৷ উদ্দেশ্য পাপৰ পৰা পৰিত্ৰাণ কৰি পূণ্য সাধন কৰা ৷
এই লজ্জাজনক ঘটনা সংঘটিত হ’ল বাকাইটাৰী ৯ং কেম্প গাওঁত ।
কেইদিনমান পূৰ্বে এগৰাকী অন্য সম্প্ৰদায়ৰ যুৱকে ঘৰৰ মানুহে নজনাকৈ এই নাবালিকা ছোৱালীজনীক ফুচুলাই পলুৱাই লৈ যায় ।
কিন্তু আৰক্ষী আৰু স্থানীয় দল সংগঠনৰ তৎপৰতাত তিনিচুকীয়াৰ লিডুৰ পৰা ছোৱালী জনীক উদ্ধাৰ কৰে আৰু পৰিয়ালৰ লোকক গতাই দিয়ে ৷
তাৰ পিচতে গাওঁখনত আৰম্ভ হ’ল বিচাৰ, তাতেই নাবালিকা গৰাকীক পাপ কৰা বুলি দাবি ধমকি দি তাইৰ মূৰৰ সমস্ত চুলি খুৰাই দি সম্পূৰ্ণভাৱে কৰে মুণ্ডন৷
চুলি খুৰাই দিয়াৰ ভিডিঅ’ বন্দী হ’ল কেমেৰাত আৰু আৰম্ভ হ’ল প্ৰতিক্ৰিয়াৰ ৷
উল্লেখ্য যে- এই বাকাইটাৰী ৯ং কেম্পত ইয়াৰ পূ্ৰ্ৱেও এনেধৰণৰ ঘটনা বহু বাৰ ঘটি গৈছে ৷
বিজ্ঞানৰ পোহৰ নপৰা গাওঁখনৰ ৰাইজে কেতিয়াবা যদি কিশোৰী, কেতিয়াবা আকৌ যুৱতী আৰু বোৱাৰীক কৰিছে মুণ্ডন৷ সকলোৱে সন্মুখীন হৈছে সমাজখনৰ নীচ মানসিকতাৰ একাংশ মানৱৰূপী দানৱৰ হাৰাশাস্তি ৷
এতিয়া সকলোয়ে বিচাৰিছে নাবালিকা গৰাকীক মানসিক আৰু শাৰীৰিক ভাৱে অত্যাচাৰ কৰা সকলৰকঠোৰ শাস্তি। সচেতন মহলে এই বিষয়ত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাটো মনে প্ৰাণে কামনা কৰিছে।
The post মূৰৰ চুলি খুৰাই শাস্তি প্ৰদান হিন্দু যুৱতীক ,কাৰণ বেলেগ সম্প্ৰদায়ৰ লোকলৈ পলাই গৈছিল appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2HPaVwq
via IFTTT
Comments
Post a Comment