জাতি-মাটি সুৰক্ষাৰ বাবে মৰিয়নীৰ এগৰাকী ১০০ বছৰীয়া বৃদ্ধাৰ ৬ ঘন্টা ধৰি ৰাজপথত প্ৰতিবাদ

যোৰহাট জিলাৰ মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড আৰক্ষীয়ে অবৈধভাবে স্থাপন কৰা আৰক্ষী শিৱিৰ নাগালেণ্ড প্ৰশাসনে উচ্ছেদ নকৰাৰ প্ৰতিবাদত বিগত ৭ দিন মৰিয়নীৰ নিউ সোনোৱালত বিভিন্ন সংগঠনে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।

সদৌ চুতীয়া ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা, বৃহত্তৰ নাগাজাংকা যুৱ সমাজৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনিদিষ্ট কালৰ বাবে এই মৰিয়নী-মোককচাং পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

দুদিন পূৰ্বে যোৰহাট জিলা উপায়ুক্ত কাৰ্য্যলয় প্ৰেক্ষাগৃহত দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া আৰু অৱৰোধকাৰী দল-সংগঠনৰ সদস্যই এক আলোচনাত বহে যদিও কোনো সিদ্ধান্তত উপনীত নোহোৱাৰ বাবে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা পুনৰ নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে।

কেইবাটাও জাতীয় সংগঠনৰ তৰফৰ পৰা লোৱা এই অৱৰোধ কাৰ্য্যসূচীত শনিবাৰে মৰিয়নী নাগাজাংকাৰ কল্যাণপুৰ গাঁওৰ শতায়ু গৰকা সৰুমাই ভৰালীয়ে পুৱাৰ পৰা প্ৰতিবাদকাৰীক সহযোগিতা আগবঢ়ায় ৷

তেওঁ সংবাদ মাধ্যমৰ আগত নিজে মন্তব্য প্ৰকাশ কৰে যে ‘তেজ দিম মই তথাপিও মাটি নিদিওঁ’ ৷

আনহাতে,মৰিয়নী মোককচোং সংযোগী ৰাজ্যিক পথটোৰ উপৰিও দেওবাৰৰ পৰা পৰা আমগুৰি হালোৱাটিং হৈ নাগালেণ্ডৰ তুলি সংযোগী পথতো অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে অসম অভিমুখী বহু সংখ্যক যান-বাহন পথ অৱৰোধৰ ফলত নাগালেণ্ডৰ ৰাজপথত আৱদ্ধ হৈ পৰিছে ৷

The post জাতি-মাটি সুৰক্ষাৰ বাবে মৰিয়নীৰ এগৰাকী ১০০ বছৰীয়া বৃদ্ধাৰ ৬ ঘন্টা ধৰি ৰাজপথত প্ৰতিবাদ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3mi6KbF
via IFTTT

Comments