কোভিড-১৯ ভেকচিন বিতৰণ সম্পৰ্কীয় বিষয় পৰ্যালোচনা; আজি তিনিখন চহৰ ভ্ৰমণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে, আহমেদাবাদ আৰু হায়দৰাবাদ ভ্ৰমণ কৰিব।

মূলত ক’ৰ’না ভাইৰাছৰ ভেকচিন জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই তিনিখন চহৰত কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে আৰু ভেকচিন প্ৰদানৰ সময়ত কি কি ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে সেই সকলো দিশ পৰ্যালোচনা কৰাৰ অৰ্থে প্ৰধান মন্ত্ৰী মোদীয়ে আজি এই তিনিখন চহৰ ভ্ৰমণ কৰিব।

‘‘প্ৰধান মন্ত্ৰী মোদীয়ে আহমেদাবাদত থকা জায়দুছ বায়োটেক পাৰ্ক, হায়দৰাবাদত থকা ভাৰত বায়োটেক আৰু পুনেত থকা চেৰাম ইনষ্টিটিউট ভ্ৰমণ কৰিব,’’ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা এইদৰে কোৱা হয়।

ইয়াৰ ভিতৰত ভাৰতত ক’ৰ’নাৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আই চি এম আৰৰ সৈতে ভাৰত বায়োটেক আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে চেৰাম ইনষ্টিটিউটে যথেষ্টখিনি আগবাঢ়িছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’নাৰ ভেকচিনৰ গৱেষণা চলি থকা সময়ৰ পৰাই দেশবাসীৰ মাজত ইয়াক কেনেদৰে বিতৰণ কৰা হ’ব সেই সম্পৰ্কে পৰিকল্পনা গ্ৰহণ কৰি কেইবালানিও বৈঠকত অংশগ্ৰহণ কৰিছে।

শুকুৰবাৰে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এবাৰ ক’ৰ’নাৰ ভেকচিন উপলব্ধ হোৱাৰ পাছত প্ৰতিগৰাকী দিল্লীৰ নাগৰিকক এই ভেকচিন প্ৰদান কৰাৰ বাবে ইতিমধ্যে দিল্লী চৰকাৰে প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে বুলি মত প্ৰকাশ কৰিছে।

The post কোভিড-১৯ ভেকচিন বিতৰণ সম্পৰ্কীয় বিষয় পৰ্যালোচনা; আজি তিনিখন চহৰ ভ্ৰমণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/33oaqBf
via IFTTT

Comments