বিশিষ্ট সাহিত্যক য়েছে দৰজে ঠংচিলৈ অসম চৰকাৰৰ চ্যুকাফা বঁটা

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক চলিত বৰ্ষৰ চ্যুকাফা বঁটাৰ বাবে মনোনীত কৰা হৈছে।

২০১১ চনৰ পৰা অসম চৰকাৰৰ সাংস্কৃতি মন্ত্ৰ্যালয়ে প্ৰতি তিনিবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি আহিছে।

২ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

চ্যুকাফা বঁটাত নগদ তিনি লাখ টকাৰ লগতে এখনি অংগবস্ত্ৰ আৰু প্ৰশস্তি পত্ৰ য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হ’ব।

২০০৫ চনত মৌন ওঁঠ মুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা য়েছে দৰজে ঠংছি শৱ কটা মানুহ, পাপৰ পুখুৰী আদি সাহিত্যকৃতিৰে অসমীয়া সাহিত্যৰ পাঠক সকলৰ মনত সদায় সুকীয়া স্থান অধিকাৰ কৰি আহিছে।

২০২০ চনত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাও আগবঢ়োৱা হৈছিল।

বিশিষ্ট সাহিত্যিক গৰাকীক পদ্মশ্ৰী, সাহিত্য অকাডেমীৰ লগতে অসম উপত্যকা সাহিত্য বঁটা, কলাগুৰু বিষ্ণুৰাভা বঁটা আদিৰেও সন্মানিত কৰা হৈছে।

The post বিশিষ্ট সাহিত্যক য়েছে দৰজে ঠংচিলৈ অসম চৰকাৰৰ চ্যুকাফা বঁটা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3lewm7T
via IFTTT

Comments