শুকুৰবাৰে উন্মোচিত হ’ব লক্ষ্মীনাথ বেজবৰুৱাৰ পাটমুগীকে ধৰি ১৮ টা অসমীয়া গল্পৰ একত্ৰ ইংৰাজী অনুবাদ…

ডিজিটেল ডেস্ক : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পাটমুগীকে ধৰি ১৮ টা প্ৰখ্যাত অসমীয়া গল্পৰ একত্ৰ ইংৰাজী অনুবাদ শুকুৰবাৰে উন্মোচন কৰা হ’ব । গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা স্মৃতি হ’লত এই সংকলন ইন্মোচন কৰিব ভাৰতীয় সাহিত্যৰ প্ৰখ্যাত কবি,সাংবাদিক,লেখিকা পাঞ্জাৱৰ নিৰুপমা দত্তই ।

অ’নজিচিৰ অৰ্থ সাহায্যৰে অসম সাহিত্য সভাই অনুবাদ প্ৰকল্পৰ যোগেদি প্ৰকাশ কৰা আৰু মিত্ৰা ফুকন আৰু গায়ত্ৰী ভট্টচাৰ্য্যই অনুবাদ কৰা সংলনৰ উন্মোচনি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুুলধৰ শইকীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হ’ব এক পত বিনিময় অনুষ্ঠান । এই অনুষ্ঠানত পাঞ্জাৱৰ নিৰুপমা দত্তই স্থানীয় লেখক -লেখিকা সকলৰ সৈতে মত বিনিময় কৰিব ।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুবাদ প্ৰকল্পৰ যোগেদি প্ৰকাশ কৰা ডা০ অপূৰ্ব কুমাৰ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত ‘দেশী -বিদেশী গল্প সম্ভাৰ’ উন্মোচন কৰা হ’ব । আনহাতে অনুভৱ তুলসীৰ সম্পাদনাত প্ৰকাশ পোৱা ‘ দুই আমেৰিকাৰ কবিতা ‘ৰ লগতে ‘অসম প্ৰজ্ঞা’ শৃংখলাৰ শান্তনু কৌশিক বৰুৱাৰ ‘ অসমৰ কীৰ্তি চিহ্ন ‘, আৰু ড০ জয়া কলিতাৰ ‘অসমৰ নেপালী জনগোষ্ঠী : সমাজ আৰু সংস্কৃতি নামৰ গ্ৰন্থ কেইখনো উন্মোচন কৰা হ’ব ।

The post শুকুৰবাৰে উন্মোচিত হ’ব লক্ষ্মীনাথ বেজবৰুৱাৰ পাটমুগীকে ধৰি ১৮ টা অসমীয়া গল্পৰ একত্ৰ ইংৰাজী অনুবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PfZMrV
via IFTTT

Comments