তৃতীয় টেষ্ট : ১১২ ৰাণতে সামৰণী পৰিল ইংলেণ্ডৰ প্ৰথম ইনিংছ, অক্ষৰ পেটেলৰ বিধ্বংসী বলিং
শোচনীয় প্ৰদৰ্শন অব্যাহত আছে ইংলেণ্ডৰ বেটিং লাইন আপৰ। ফৰ্মহীনতাত ভুগিছে অধিনায়ক জ’ ৰুটেও। দিকভ্ৰান্ত ছিবলে’, বৰিষ্ট’, বেন ষ্ট’কছ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত প্ৰথমে বেট ধৰি ৪৮.৪ অভাৰত মাত্ৰ ১১২ ৰাণতে ইনিংছ সামৰে আলহী দলটোৱে।
দিবা-নৈশ মেচখনৰ ইংলেণ্ডৰ বিৰুদ্ধে পিংক বলৰ যাদু প্ৰদৰ্শন কৰে ভাৰতীয় স্পীনবাহিনীয়ে।
ইংলেণ্ডৰ অপেনাৰ জেক ক্ৰ’লীৰ ৫৩ (৮৪) ৰাণৰ বাদে কাৰো বেটৰ পৰা অন্ততঃ ২০ৰ ঘৰো চুব নোৱাৰিলে।
ইংলেণ্ডৰ এই দুৰ্দশাৰ মূলতে আছিল ভাৰতৰ বাওঁহতীয়া স্পীনাৰ অক্ষৰ পেটেল। তেওঁ ৩৮ ৰাণত ৬ টা উইকেট দখল কৰি টেষ্ট কেৰিয়াৰত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে।
ৰবীচন্দ্ৰন অশ্বিনেও তিনিটা উইকেট দখল কৰে সুন্দৰ ফৰ্ম অব্যাহত ৰাখিছে।
আনহাতে ইনিংছটোত ডম চিবলেৰ (০) ৰূপত প্ৰথমটো উইকেট লাভ কৰে কেৰিয়াৰৰ ১০০তম টেষ্টমেচত অৱতীৰ্ণ হোৱা বেগী বলাৰ ঈশান্ত শৰ্মাই।
ইংলেণ্ডে ১১২ ৰাণতে ইনিংছ সামৰাৰ পাছত ভাৰতেও নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি ৯৯ ৰাণতে তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই কিছু শলঠেকত পৰিছে।
ব্যৰ্থ হয় শুভমন গীল (১১), চেতেশ্বৰ পূজাৰা (০) আৰু অধিনায়ক বিৰাট কোহলী (২৭)।
ইয়াৰ বিপৰীতে অপেনাৰ ৰোহিত শৰ্মাই ৮২ টা বলত ৫৭ ৰাণ কৰি আজিংক্য ৰাহানে (১)ৰ স’তে ক্ৰিজত বৰ্তি আছে।
ইংলেণ্ডৰ হৈ জেক লীচে দুটা উইকেট লাভ কৰে। আনটো উইকেট লয় জফ্ৰা আৰ্চাৰে।
The post তৃতীয় টেষ্ট : ১১২ ৰাণতে সামৰণী পৰিল ইংলেণ্ডৰ প্ৰথম ইনিংছ, অক্ষৰ পেটেলৰ বিধ্বংসী বলিং appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3dJywfJ
via IFTTT
Comments
Post a Comment