বিহপুৰীয়াত এইবাৰ বিধায়ক দেবানন্দ হাজৰিকাৰ বাবে তীব্ৰ প্ৰত্যাহ্বান তিনি আৰ এছ এছ নেতা…

ডিজিটেল সংবাদ,বিহপুৰীয়া: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিহপুৰীয়া বিধান সভা সমষ্টিত বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাসীৰ সংখ্যা ৷ পুৰ্বে বৰ্তমানৰ বিধায়ক দেবানন্দ হাজৰিকাৰ সন্মুখত অন্যতম প্ৰাৰ্থীত্ব প্ৰত্যাসী আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অত্যন্ত ঘনিষ্ঠ ৰুপে পৰিচিত ড° অমিয় কুমাৰ ভূঞা তীব্ৰ প্ৰত্যাহ্বান হৈ থিয় দিছিল যদিও শেহতীয়াকৈ দৃশ্যপট সলনি হোৱা পৰলক্ষিত হৈছে ৷
ড° অমিয় কুমাৰ ভূঞাৰ সমান্তৰালকৈ আৰ এছ এছ ৰ ৰাজীৱ বৰুৱা, বিজেপিৰ জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি হৰেণ দেউৰী, কিষান মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰমেন বৰুৱা, জিলা বিজেপিৰ সম্পাদক তৰুণ শইকীয়া, জ্যেষ্ঠ বিজেপি নেতা তুলেশ্বৰ পেগু,বিজেপিৰ প্ৰট’কল সমিতিৰ ৰাজ্যিক সদস্য খগেন হাজৰিকা,সাহিত্যিক পেঞ্চনাৰ যোগেন্দ্ৰ নাথ দত্ত আদি বহুকেইগৰাকী দলীয় নেতাই ইতিমধ্যে প্ৰাৰ্থীত্ব বিচাৰি কুচকাৱাজ আৰম্ভ কৰিছে ৷
ইফালে এইবাৰ বৰ্তমানৰ বিধায়ক দেবানন্দ হাজৰিকাৰ প্ৰাৰ্থীত্বৰ তীব্ৰ বিৰুধিতা কৰিছে স্থানীয় আৰ এছ এছ নেতৃত্বই ৷ পুৰ্বে এইসকল আৰ এছ এছ নেতাই দলটোৰ অন্যতম শক্তিশালী প্ৰাৰ্থীত্ব প্ৰত্যাসী ড° অমিয় কুমাৰ ভূঞাৰ সমৰ্থনত থিয় দিছিল যদিও শেহতীয়াকৈ আৰ এছ এছ নেতৃত্বই তেওঁলোকৰ তৰফৰ পৰা তিনিগৰাকী নেতাক প্ৰক্ষেপ কৰিছে ৷ সম্প্ৰতি সংবাদ মাধ্যমত দেবানন্দ হাজৰিকাৰ প্ৰাৰ্থীত্ব দলে কৰ্তন কৰিব বুলি প্ৰচাৰ হোৱাৰ পাছতে ককালত টঙালি বান্ধিছে আৰ এছ এছ ৰ তিনি নেতাই ৷
বিহপুৰীয়াত পুৰণি আৰ এছ এছ ৰ কৰ্মী হিচাবে পৰিচিত ক্ৰমে বৰ্তমানৰ লখিমপুৰ বিভাগ শাৰিৰীক প্ৰমুখ তথা শিক্ষক জিতেন চন্দ্ৰ বৰা , লখিমপুৰ বিভাগ সহ সংঘ চালক তথা বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নব কুমাৰ দত্ত আৰু বিদ্যাভাৰতীৰ পুৰ্বোত্তৰ ক্ষেত্ৰৰ সহকাৰী সম্পাদক (জনজাতি শিক্ষা সমিতি) প্ৰাণজিৎ পূজাৰিক আৰ এছ এছ নেতৃত্বই প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিছে ৷ ইতিমধ্যে আৰ এছ এছ ৰ দুই নেতা জিতেন চন্দ্ৰ বৰাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি প্ৰাৰ্থিত্ব লাভৰ বাবে কুচকাৱাজ আৰম্ভ কৰাৰ বিপৰীতে প্ৰাণজিৎ পূজাৰী আৰু নৱকুমাৰ দত্তই আৰ এছ এছ ৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশলৈ বাট চাইছে ৷
উল্লেখযোগ্য যে বিগত নিৰ্বাচনত আৰ এছ এছৰ আশিৰ্বাদতে প্ৰাৰ্থিত্ব লাভ কৰি বিধায়ক হোৱা দেবানন্দ হাজৰিকাই বিগত সময়ছোৱাত আৰ এছ এছৰ লগতে একাংশ জ্যেষ্ঠ দলীয় নেতাক গুৰুত্ব প্ৰদান নকৰা বাবেই এইবাৰ আৰ এছ এছৰ লগতে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই দেবানন্দ হাজৰিকাৰ প্ৰাৰ্থীত্বৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ ইপিনে এইবাৰ বিজেপিয়ে বিহপুৰীয়া সমষ্টি অগপ ক এৰি দিব বুলি আশাবাদী বিহপুৰীয়া অগপ নেতৃত্ব ৷ ইতিমধ্যে অগপৰ কেন্দ্ৰীয় উপ সভাপতি তথা প্ৰাক্তন বিধায়ক কেশৰাম বৰা আৰু অগপৰ বিহপুৰীয়া সমষ্টি কমিটিৰ সভাপতি তথা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক মাখন তামূলীয়ে দলীয় প্ৰাৰ্থীত্ব লাভৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ৷
অহা নিৰ্বাচনত বিজেপিয়ে সমষ্টিটো অগপক এৰি দিয়ে নে নিদিয়ে সেইয়া নিশ্চিত নহলেও কিন্তু অগপই সমষ্টিটোত আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ ইপিনে বিহপুৰীয়া সমষ্টিতো কংগ্ৰেছ দলে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ এসময়ত সমষ্টিত কংগ্ৰেছৰ অপ্ৰতিদ্বন্দ্ব্বী প্ৰাৰ্থী , প্ৰাক্তন বিধায়ক তথা এ আই চি চি ৰ সম্পাদক ভূপেন কুমাৰ বৰাৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিছে কংগ্ৰেছৰে এগৰাকী যুৱ নেতা ৷
গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা তথা দলটোৰ আইনী বিভাগৰ উপদেষ্টা নৱজিত বৰাই ইতিমধ্যে বিহপুৰীয়া সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি ৰাজীৱ ভৱনত আবেদন দাখিল কৰিছে ৷ যুৱ নেতা গৰাকীৰ সমৰ্থনত ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে ভুপেন কুমাৰ বৰাৰ একালৰ অত্যন্ত ঘনিষ্ঠ তথা একাংশ বিসম্বাদি নেতাই ৷ ইতিমধ্যে ইয়াকে কংগ্ৰেছৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
The post বিহপুৰীয়াত এইবাৰ বিধায়ক দেবানন্দ হাজৰিকাৰ বাবে তীব্ৰ প্ৰত্যাহ্বান তিনি আৰ এছ এছ নেতা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2O6fZzr
via IFTTT
Comments
Post a Comment