অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ
হিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰা বিজেপি চৰকাৰখনৰ দিনতে ৪৪ হাজাৰ কোটি টকাৰ ধাৰ অসমৰ মানুহৰ মূৰত আছে। স্বাধীনতাৰ পিছৰে পৰা ২০১৬ চনৰ আগলৈকে সকলো ধাৰ মিলালেও এই ধাৰৰ সমান নহয়। অসম খনক ভিক্ষাৰী অসম কৰিলে, তাৰ বাবে জগৰীয়া এই বিজেপি চৰকাৰখন,সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। এই মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।
“বিজেপি চৰকাৰখনে অসমৰ সৰ্ব সাধাৰণ ৰাইজক অন্ধকাৰৰ দিশলৈ ঠেলি দিছে। এই চৰকাৰ জনগণৰ তেজ শুহি খোৱা এখন চৰকাৰ। কেৱল পুজিপতিক পূজা অৰ্চনা কৰাৰহে চৰকাৰ এইখন। কা আন্দোলনৰ সময়ত পাঁচ গৰাকীকৈ যুৱকক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা চৰকাৰ খনে আৰক্ষীৰ বিৰুদ্ধে কোনো তদন্ত নকৰিলে। আনকি তেওলোকক ছহীদ বুলি কবলৈও মুখ্যমন্ত্ৰীয়ে সাহস নকৰিলে। মুখ্যমন্ত্ৰীয়ে জয় আই অসম বুলি কবলৈও পাহৰি গৈছে। এতিয়া নিৰ্বাচনৰ আগে আগে ভোটৰ অংকৰ স্বাৰ্থতহে পুনৰ জয় আই অসম কবলৈ আৰম্ভ কৰিছে।” এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ।
শেহতীয়াকৈ বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ ভৱনত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন বিশাল জাতীয় জাগৰণ সমাবেশ অনুষ্ঠিত হয়। এই সমাবেশত অংশ গ্ৰহণ কৰি অজাপৰ সভাপতি গৰাকীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয়, “বিজেপি চৰকাৰৰ দিনত চাকৰিৰ নামত দুৰ্নীতি, চুপাৰীৰ নামত চিণ্ডিকেট, কাঠৰ নামত চিণ্ডিকেট, ৰামৰ নাম লৈ গৰুৰ চিণ্ডিকেট, যিমান ঠিকা আছে সকলোতে ৫ শতাংশ কমিচন লয় বুলি সকলোৱে জানে। বিজেপি চৰকাৰে চিণ্ডিকেট ৰাজৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে।”
এক বিশাল বাইক ৰেলীৰে আদৰি অনা লুৰীণ জ্যোতি গগৈয়ে আনকি এ পি এছ ছি কেলেংকাৰীত কেৱল ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিয়েই বিজেপি চৰকাৰ খনে দুৰ্নীতি বিৰোধী অভিযান সমাপ্ত কৰিলে বুলি অভিযোগ তোলে।
আনহাতে বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে অসমত সৃষ্টি হোৱা নতুন দল সমূহ কেৱল কথাৰেহে চলি আছে বুলি কৰা মন্তব্যৰ উত্তৰত অজাপৰ সভাপতি গৰাকীয়ে কয় যে আমাক চৰকাৰ কৰিবলৈ দিয়ক আমি কাম কৰি দেখুৱাম। দুৰ্নীতিত নিমজ্জিত চৰকাৰ খনে মুখত এতিয়া ৰাম নাম লৈ লাভ নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে চিণ্ডিকেটৰ লগত জড়িত সকলোকে কৰায়ত্ত কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় লুৰীণ জ্যোতি গগৈয়ে।
ইফালে বিজেপিৰ ১০০ প্লাছৰ প্ৰসংগত তেওঁ কয় যে গণতন্ত্ৰক বিশ্বাস নকৰা সকলেহে ১০০ প্লাছৰ কথা কয়।অহংকাৰী ,অতিমানৱেহে এনেকুৱা কথা কব পাৰে বুলি বিজেপিক কটাক্ষ কৰে অজাপৰ সভাপতি গৰাকীয়ে। আনকি ই ভি এম মেছিনত যি সকলে দুই নম্বৰী কৰে, যি সকলে নিজকে কলি যুগৰ ভগবান বুলি ভাৱে তেওঁলোকেহে এনেকুৱা ১০০ প্লাছৰ কথা কব পাৰে বুলি মন্তব্য কৰে।
The post অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3bNvKDo
via IFTTT
Comments
Post a Comment