আজি ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো এই বন্ধৰ প্ৰভাৱ…

ডিজিটেল ডেস্ক : সমগ্ৰ দেশৰ ব্যৱসায়িক সংগঠনকে ধৰি কেইবাটাও পৰিবহণ সংগঠনে শুকুৰবাৰে ভাৰত বন্ধ ঘোষণা কৰিছে। শুকুৰবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ ঘোষনা কৰা হৈছে ভাৰত বন্ধ । কনফেডাৰেচন অফ অকল ইণ্ডিয়া ট্ৰেডাৰ্ছে জি এছ টি নিয়মৰ পৰ্যালোচনাৰ দাবী জনাই বন্ধ আহ্বান জনায়।

শেহতীয়াকৈ, জিএছটি, সামগ্ৰী আৰু সেৱা কৰ আইন সংশোধন কৰা হৈছে, যাৰ বিৰোধিতা কৰি আছে এই সংগঠনবোৰে। তেওঁলোকে কয় যে এই সংশোধন বোৰে ব্যৱসায়ত প্ৰভাব পেলাব । পৰিবহন সংগঠন সমূহে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে চকা বন্ধৰ আহ্বান জনাই ।

দেশৰ সকলো ৰাজ্যৰ বেছিভাগ ব্যৱসায়িক সংগঠনে এই বন্ধক সমৰ্থন কৰাৰ লগতে অসমৰ অসম জাতীয় পৰিষদ, কামৰূপ চেম্বাৰ্ছ অফ কৰ্মাৰ্ছেও এই বন্ধৰ সমৰ্থন জনাই । ৰাতিপুৱাৰে পৰা ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভাৰত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । এই বন্ধৰ ফলত দেশৰ জনসাধৰনে বিভিন্ন ধৰনৰ অসুবিধাৰ সন্মুখীন হৈছে ।

The post আজি ভাৰত বন্ধ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো এই বন্ধৰ প্ৰভাৱ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kmfNYQ
via IFTTT

Comments