মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ
অসমত পৰিৱৰ্তনৰ সপোন দেখুৱাই দিছপুৰৰ শাসনৰ মচনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে পুনৰ ‘২১ৰ নিৰ্বাচনত শাসনৰ বাঘজৰী লোৱাৰ মানসেৰে ৰাজ্যখনত ইতিমধ্যে ঘোষণা কৰিছে কেতবোৰ অভিলাসী আঁচনি।
‘স্বয়ম’,অৰোণোদয়কে ধৰি বহুতো এনেধৰণৰ আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি বিজেপিয়ে ভোটবেংক সুৰক্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
এনে সময়তে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বানেধোৱা মৰিগাঁও জিলাখনতো চৰকাৰী আঁচনিসমূহ গেৰুৱাকৰণ কৰাৰ অভিযোগ উঠিছে।
গেৰুৱা দলটোৰ এচাম নেতা-পালিনেতাই পঞ্চায়ত প্ৰতিনিধিৰে মিলি যোগ্য হিতাধিকাৰীসকলক আঁচনিৰ নামত ধনদাবী কৰাৰ উপৰি যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি পঞ্চায়ত প্ৰতিনিধি সকলে নিজৰ অঙহী-বঙহীৰ নাম ‘স্বয়ম,অৰোণোদয় আঁচনিত সন্নিবিষ্ট কৰাৰো আন এক অভিযোগ উঠিছে।
ইয়াৰ উপৰি ‘স্বয়ম,অৰোণোদয় আদি আঁচনিৰ ধন হিতাধিকাৰীৰ একাউণ্টত সোমোৱাৰ পিছত একাংশ বিজেপি কৰ্মীয়ে আঁচনি প্ৰদান কৰাৰ নামত হিতাধিকাৰী সকলৰ পৰা এক প্ৰকাৰ জোৰ-জুলুম কৈয়ে কমিচনৰ ধন আদায় কৰা বুলি এতিয়া মুকলিকৈয়ে ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে।
ইফালে হিতাধিকাৰী লোকসকলক দলীয় সমৰ্থক সজাবলৈ গৈ দলীয় সভা সমিতিলৈ ন’গলে চৰকাৰী আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তনৰো ভাবুকি দিয়া বুলি ‘স্বয়ম,অৰোণোদয় আদি আঁচনি প্ৰাপ্ত হিতাধিকাৰীসকলে অভিযোগ কৰিছে।
সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে উন্নয়নৰ নামত কেৱল হিতাধিকাৰী সৃষ্টিৰে ‘২১ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ যি দিবা স্বপ্ন দেখিছে যদিও বহু ক্ষেত্ৰত যোগ্য হিতাধিকাৰীসকলবঞ্চিত হোৱাৰ কথাই বিজেপিৰ প্ৰতি ভাবুকিও কঢ়িয়াই আনিব বুলি বহুতে আলোচনা কৰিছে।
আঁচনি ৰূপায়ণৰ নামত স্বজনতোষণ,ধন দাবী আদি কাৰ্যই বিধানসভা নিৰ্বাচনত জিলাখনত গেৰুৱা বাহিনীক শলঠেকত পেলাব বুলি সৰ্বত্ৰে চৰ্চা হৈছে।
The post মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3svocvV
via IFTTT
Comments
Post a Comment