জুমি জুমি চোৱা বুলি কবলৈ তেওঁ আৰু নাই…

ডিজিটেল ডেস্কঃ জুমি জুমি চোৱা তুমি- গাবলৈ আৰু তেওঁ আমাৰ মাজত নাই। অসমৰ সাংস্কৃতিক জগতখন কেইবাদশক ধৰি নিজস্ব শৈলীৰে সুকীয়া আসন দখল কৰা কুল বৰুৱা আৰু নাই। বুধবাৰে নিশা ১২বজাত শিলপুখুৰীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।

তেখেতৰ এটা জনপ্ৰিয় গীতঃ

১৯৩৮ চনত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পী কুল বৰুৱাই স্কুলত পঢ়ি থকা কালতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ চ’ৰা আৰু চেমনীয়া চ’ৰাত গীত পৰিবেশন কৰিছিল। ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰিছিল।

প্ৰখ্যাত শিল্পীগৰাকীৰ কেইটিমান জনপ্ৰিয় গীত হৈছে ‘তেনেকৈ নেচাবা আজলি ছোৱালী’, ‘মই যেন এটা বাটৰুৱা’, ‘জুমি জুমি চোৱা তুমি’ ইত্যাদি। ইয়াৰোপৰি তেওঁ সেন্দূৰ, সাদৰী, বৃষ্টি প্ৰভাতী পখীৰ গান আদিৰ চলচ্চিত্ৰত নেপথ্য গায়ক ৰূপেও কণ্ঠদান কৰিছে।

তেখেতৰ এটা জনপ্ৰিয় গীতঃ

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুজিঁ অৱশেষত হাৰ মানিলে বিশিষ্ট শিল্পীগৰাকীয়ে। বৰুৱাৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। বিভিন্নজনে কুল বৰুৱাক মৃত্যুক অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি আখ্যা দিছে।

তেখেতৰ এটা জনপ্ৰিয় গীতঃ

The post জুমি জুমি চোৱা বুলি কবলৈ তেওঁ আৰু নাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sqCE8e
via IFTTT

Comments