ওদালগুৰিৰ বিশুদ্ধ পানীৰ সমস্যা থকা বিদ্যালয়ত পানী শোধন যন্ত্ৰ স্থাপন, লেম্প বিতৰণ চিআৰপিএফৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ চিআৰপিএফৰ ১৩৬ নম্বৰ বেটেলিয়নৰ উদ্যোগত ওদালগুৰি চহৰৰ সমীপৱৰ্তী কাপুৰপোৰা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় এক বিশেষ সভা। উক্ত সভাতে চিআৰপিএফৰ বেটেলিয়নটোৱে বিদ্যালয়খনত স্থাপন কৰা বিশুদ্ধ খোৱা পানীৰ যন্ত্ৰ এটাৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত উপস্থিত থাকি বেটেলিয়নটোৰ কামাণ্ডাৰ বিষয়া পিচি চৌহানে সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে চিআৰপিএফৰ চিভিক একশ্বন প্ৰগ্ৰেমৰ অধীনত আজি বিদ্যালয়খনত এই অনুষ্ঠান আয়োজন কৰা হৈছে।
অঞ্চলটোৰ ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে এনে বিশুদ্ধ পানী খোৱাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতি লক্ষ ৰাখি এইবাৰ আমাৰ বেটেলিয়নৰ তৰফৰ পৰা বিদ্যালয়খনত এটি বিশুদ্ধ খোৱা পানীৰ যন্ত্ৰ স্থাপন কৰিছো। যাতে ইয়াৰ পৰা শিক্ষাৰ্থীসকলে বিশুদ্ধ পানী সেৱন কৰি স্বাস্থ্যৰ যতন ৰাখিব পাৰে।
উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীসকলৰ মাজত সূৰ্যৰ ৰশ্মিৰ দ্বাৰা চলিত লাইট প্ৰদান কৰা হয়। সভাখনত বিদ্যালয়ৰ প্ৰধানশিক্ষক, শিক্ষাগুৰু, স্থানীয় গাওবুঢ়াৰ লগতে অভিভাৱক আৰু গাওঁৱাসীসকল উপস্থিত থাকে। চিআৰপিএফৰ এনে পদক্ষেপক সমগ্ৰ গাওঁৱাসীয়ে প্ৰশংসা কৰে।
The post ওদালগুৰিৰ বিশুদ্ধ পানীৰ সমস্যা থকা বিদ্যালয়ত পানী শোধন যন্ত্ৰ স্থাপন, লেম্প বিতৰণ চিআৰপিএফৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pWGAfn
via IFTTT
Comments
Post a Comment