দেশত দুদিনৰ বাবে বন্ধ হৈ পৰিল কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া, কিন্তু কিয়?
দেশত পুনৰ কোভিডে ভয়াৱহ ৰূপত সংক্ৰমিত হ’বলৈ আৰম্ভ কৰিছে।
কোভিডৰ দ্বিতীয়টো ঢৌ অহাৰ সময়তে চৰকাৰে সমগ্ৰ দেশ জুৰি চলাই গৈছে কোভিড ভেকচিন প্ৰদানৰ কাম।
দুৰন্ত গতিত চলা কোভিড ভেকচিন প্ৰদানৰ কাম অৱশ্যে দুটা দিনৰ বাবে দেশত সম্পূৰ্ণ ভাবে স্থৱিৰ হৈ পৰিব।
আজি আৰু কাইলৈ কোনো লোককে প্ৰদান কৰা নহ’ব কোভিড ভেকচিন।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে কোভিড বেকচিন প্ৰদান কাৰ্যসূচী নিৰীক্ষণত ৰাখিবলৈ চৰকাৰে যি Co-Win digital platform সক্ৰিয় কৰি তুলিছে সেই প্লেটফৰ্মৰ ছফটৱেৰ উন্নীত কৰাৰ বাবেই দুটা দিনৰ বাবে দেশত বন্ধ ৰখা হ’ব কোভিডৰ ভেকচিন প্ৰদানৰ কাম।বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে Co-Win digital platform এতিয়া Co-Win1.0 ৰ পৰা Co-Win 2.0 লৈ উন্নীত কৰা হ’ব।
ইয়াৰ বাবে কিছুসময়ৰ প্ৰয়োজন হ’ব। সেই বাবেই আজি আৰু কাইলৈ কাকো কোভিডৰ ভেকচিন প্ৰদান কৰা নহ’ব।উল্লেখ্য চৰকাৰে মুকলি কৰা Co-Win digital platform এপ মোবাইল ফোনতো ডাউনলোড কৰিব পাৰি।
এই এপৰ জৰিয়তে ভেকচিন গ্ৰহণ কৰিব বিচৰা সকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। এপৰ জৰিয়তে লোক এজনে তেওঁক কেতিয়া, ক’ত ভেকচিন প্ৰদান কৰা হ’ব সেই বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হয়।
ইমান দিনে সাধাৰণ জনতাৰ বাবে এই এপ মুকলি নাছিল। কেৱল কোভিড যোদ্ধা, নিৰাপত্তাবাহিনীৰ লোক আদিৰ বাবেহে এই এপ মুকলি আছিল। ১ মাৰ্চৰ পৰা চৰকাৰে ৬০ বছৰৰ ওপৰৰ লোক সকলক কোভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
একেদৰে অন্যান্য জটিল ৰোগত আক্ৰান্ত ৪৫ বছৰৰ ওপৰৰ লোকসকলকো ভেকচিন প্ৰদান কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে।সেই বাবেই এই এপ উন্নীত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
ভাৰতত এতিয়ালৈকে ১.৩৭ কোটি স্বাস্থ্যকৰ্মী আৰু কোভিড যোদ্ধাক এই ভেকচিন প্ৰদান কৰা হৈছে।ভেকচিনৰ প্ৰথম ডোজ লোৱা ৬৬,৩৭,০৪৯ গৰাকী স্বাস্থ্য কৰ্মীৰ ভিতৰৰে ২২,০৪,০৮৩ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় ডোজ গ্ৰহণ কৰিছে।
The post দেশত দুদিনৰ বাবে বন্ধ হৈ পৰিল কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া, কিন্তু কিয়? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3qVG4Q6
via IFTTT
Comments
Post a Comment