ম’টেৰাত অক্ষৰৰ স্পীন মেজিক; দুদিনতে পিংক বল টেষ্টত বিৰল বিজয় সাৱ্যস্ত কৰিলে ভাৰতে

আহমেদাবাদৰ ম’টেৰা টেষ্টত মাত্ৰ দুদিনতেই সামৰণি পৰিল স্নায়ু যুঁজৰ। বিশ্বৰ আটাইতকৈ বৃহৎ ষ্টেডিয়ামৰ ঘুৰ্ণী ট্ৰেকত ৰুট বাহিনীৰ বিৰুদ্ধে বিজয় সাৱ্যস্ত কৰিলে কোহলিৰ টীম ইণ্ডিয়াই।

ছিৰিজৰ তৃতীয়খন টেষ্টত ইংলেণ্ডক ১০ উইকেটত পৰাজিত কৰে ভাৰতে। বৃহস্পতিবাৰে মাত্ৰ ৮১ৰাণতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ সমাপ্তি ঘটে।

ভাৰতৰ হৈ অক্ষৰ পেটেলে পুনৰ স্পীনৰ যাদুৰে বশ কৰে ইংলেণ্ডৰ বেটছমেনক। দ্বিতীয় ইনিংছত অক্ষৰে মাত্ৰ ৩২ ৰাণৰ বিনিময়ত দখল কৰে ৫টা উইকেট।

দ্বিতীয় ইনিংছত অধিনায়ক কোহলিয়ে অক্ষৰক দিয়েই বলিং অপেনিং কৰে। অধিনায়কৰ আস্থাৰ সম্পূৰ্ণ মৰ্যাদা ৰাখি স্থানীয় খেলুৱৈগৰাকীয়ে প্ৰথম দুটা বলতেই দুটা উইকেট লয়। অৱশ্যে, হেটট্ৰিকৰ সুযোগ তেওঁ ল’ব নোৱাৰিলে।

ইংলেণ্ডৰ হৈ বেন ষ্টোকছে ২৫, জো ৰুটে ১৯ আৰু অ’লি পপে ১২ৰাণ কৰি কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে।

আনহাতে, ৰবিচন্দ্ৰন অশ্বিনে ৪টা উইকেট দখল কৰে। তদুপৰি, তেওঁ টেষ্ট ক্ৰিকেটত দ্ৰুততম ৪০০উইকেট দখল কৰাৰ তালিকা দ্বিতীয় গৰাকী বলাৰ হিচাপে অভিলেখ গঢ়ে। এইক্ষেত্ৰত প্ৰথম স্থানত আছে শ্ৰীলংকাৰ মুথাইয়া মুৰলীথৰন।

ভাৰতৰ সন্মুখত বান্ধি দিয়া ৪৯ৰাণৰ লক্ষ্য অতিক্ৰম কৰোতে বৰ বেছি সময় লোৱা নাই ভাৰতীয় বেটছমেনসকলে।

আনহাতে, দ্বিতীয় দিনা হাতত বল লৈ ইংলেণ্ডৰ অধিনায়ক জো ৰুটেও চমৎকাৰ দেখুৱায়। অনিয়মীয়া বলাৰ হিচাপে ৰুটে ৬ অভাৰ বলিং কৰি মাত্ৰ ৮ৰাণৰ বিনিময়ত ৫টা উইকেট দখল কৰে।

ভাৰতীয় বেটছমেনসকলৰ ভিতৰত ৰোহিত শৰ্মাই লৰ্বোচ্চ ৬৬ৰাণ কৰে। ভাৰতৰ প্ৰথম ইনিংছ ১৪৫ ৰাণতে সামৰণি পৰে।

এই জয়ৰ জৰিয়তে টীম ইণ্ডিয়াই চাৰিখনীয়া টেষ্টৰ ছিৰিজটোত ২-১ ব্যৱধানত আগবাঢ়ি ৰ’ল।

The post ম’টেৰাত অক্ষৰৰ স্পীন মেজিক; দুদিনতে পিংক বল টেষ্টত বিৰল বিজয় সাৱ্যস্ত কৰিলে ভাৰতে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3pUclWr
via IFTTT

Comments