মহাৰাষ্ট্ৰত মন্দিৰৰ ওচৰত একত্ৰিত হোৱা জনসাধৰণৰ বিৰুদ্ধে এজাহাৰ!

ডিজিটেল ডেস্ক : মঙলবাৰে মহাৰাষ্ট্ৰৰ বনমন্ত্ৰী সঞ্জয় ৰাথোৰে পোহৰা দেবী মন্দিৰ দৰ্শন কৰে । মন্দিৰ দৰ্শনৰ সময়ত তেওঁৰ সৈতে প্ৰায় ৮ৰ পৰা ১০ হাজাৰ লোকে মন্দিৰত ভিৰ কৰে । ইফালে মন্দিৰৰ পৰা জনসাধৰণক আতৰোৱাৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয় ।

মহাৰাষ্ট্ৰত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিছিল । ইফালে জনসাধৰনৰ এনে ভিৰৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰৰ পিছতে ক্ৰোধিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী ।মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থাৰ নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ দিছতে মঙলবাৰে ৱাচিম আৰক্ষীয়ে ৮ ৰ পৰা ১০ হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

The post মহাৰাষ্ট্ৰত মন্দিৰৰ ওচৰত একত্ৰিত হোৱা জনসাধৰণৰ বিৰুদ্ধে এজাহাৰ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kj6s3T
via IFTTT

Comments