কোচ-ৰাজবংশীৰ জনজাতিকৰন নোহোৱাৰ মূলতে ড° হিমন্ত বিশ্ব শৰ্মাঃ অৰুণ ৰায়

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কমতাপুৰৰ স্বায়ত্ত্বশাসিত পৰিষদ চমুকৈ কেএচিৰ তালিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ চমুকৈ কেএচিৰ তালিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

আক্ৰাছুৰ সভাপতি হিচাপে যি পদমৰ্য্যাদা দি কেএচিত স্থাব দিব লাগিছিল তাকে নকৰি সাধাৰণ সদস্যৰ পদ দি মোকে নহয় ৰাজবংশী জনগোষ্ঠীটোকে অপমান কৰিছে বুলি মন্তব্য কৰি দুই এদিনৰ ভিতৰতে সদস্য পদৰ পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি সদৰি কৰিছে ৷ বহুধা বিভক্ত কোচ-ৰাজবংশী সকলক একত্ৰিত হব লাগে বুলি ড°হিমন্ত বিশ্ব শৰ্মাই কৈ অহাৰ পাছত এতিয়া মন্ত্ৰী গৰাকীয়ে নিজেই জনগোষ্ঠীটোক পুনৰ ভাগ ভাগ কৰি এক নিকৃষ্ট ৰাজনীতি কৰা কাৰ্য্য কেতিয়াও সহ্য কৰা নহব বুলি সকীয়াই দি পৰিষদ গঠন কৰাৰ পূৰ্বে আলোচনা কৰা উচিত আছিল বুলি মন্তব্য কৰি তেওঁ সদস্য পদ কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে ।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰামাত্মক হৈ অৰুণ ৰায়ে কয় যে ড° শৰ্মাই দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক কেবাবাৰো অসমলৈ মাতি আনিছে কিন্তু গৃহমন্ত্ৰী গৰাকীয়ে আজিলৈকে এখনো ৰাজহুৱা সভাত কোচ-ৰাজবংশীসকলক তথা ছয় জনগোষ্ঠীক জনজাতি কৰনৰ কথা উল্লেখ নকৰিলে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডী অসমলৈ আহি ৰাজ্যখনত যদি বিজেপিৰ চৰকাৰ গঠন হয় তেন্তে ছয়মাহৰ ভিতৰতে ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়া হব বুলি ঘোষণা কৰিছিল কিন্তু অতি পৰিতাপৰ কথা যে ছয়মাহতো দূৰৈৰে কথা ছয় বছৰতো ইয়াৰ কোনো নামগোন্ধই নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে অৰুণ ৰায়ে ।

কেএচি গঠন কৰি দি যদি ড° শৰ্মাই ভাবিছে যে ৰাজবংশী সকল সন্তুষ্ট হৈছে বা মনে মনে থাকিব সেয়া ভুল ধাৰনা বুলি মন্তব্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক প্ৰত্যুত্তোৰ দিবলৈ তেওঁলোক প্ৰস্তুত বুলি নেতা গৰাকীয়ে মন্তব্য কৰে ৷ তদানীন্তন দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ বৰ্তমানৰ থকা জনজাতি সকলৰ কোনো ক্ষতি নোহোৱাকৈ এখন পাঁচজনীয়া সমিতি গঠন কৰি দিছিল কিন্তু আজিলৈকে সেয়া কাৰ্যকৰী নহ’ল বুলি উল্লেখ কৰি জনজাতিকৰণ সন্দৰ্ভত যিখিনি তথ্য দিল্লীলৈ পঠিয়াব লাগিছিল সেয়া আজিলৈকে নপঠালে বুলি মন্তব্যৰে অৰুণ ৰায়ে কয় যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে ছয় জনোগোষ্ঠীৰ জনজাতিকৰন কাহানিও নহব বুলি উল্লেখ কৰে ।

যেতিয়ালৈকে জনজাতিকৰন নহয় তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাক কোচ ৰাজবংশী এলেকাত প্ৰবেশ নিষিদ্ধ আৰু কোচ ৰাজবংশী সকল জনজাতিকৰণ নোহোৱাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাই মূল জগৰীয়া বুলি মন্তব্য কৰি নিৰ্বাচনৰ পুৰ্বে যদি কোচ-ৰাজবংশী সকলোক জনজাতিকৰণ নকৰে তেন্তে বিজেপিক কেতিয়াও সমৰ্থন নকৰে বুলি সকীয়াই দিয়ে আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে ।

The post কোচ-ৰাজবংশীৰ জনজাতিকৰন নোহোৱাৰ মূলতে ড° হিমন্ত বিশ্ব শৰ্মাঃ অৰুণ ৰায় appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ktWCMF
via IFTTT

Comments