গুজৰাটত অসমৰ সন্তান সৌম্যদীপ বৰাৰ সাফল্য, ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে সোনৰ পদক…

ডিজিটেল ডেস্ক : গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মঙলবাৰে অনুষ্ঠিত হয় অভিবৰ্তন অনুষ্ঠান । এই অভিবৰ্তন অনুষ্ঠানত অংশ লয় ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ইফালে বিশ্ববিদ্যালয় খনৰ পিএইচডি বিভাগৰ ছাত্ৰ তথা অসমৰ সুসন্তান সৌম্যদীপ বৰাই নেন’টেকন’লজি বিভাগৰ স্নাতকত্তোৰ ডিগ্ৰীত প্ৰথম স্থান অধিকাৰ কৰি সোনৰ পদক লাভ কৰে । ৰাষ্ট্ৰপতি কোবিন্দে মঙলবাৰে বৰাক সোনৰ পদক অৰ্পন কৰে ।

অসমৰ সুন্তান সৌম্যদীপ বৰা অসমৰ ঘৰ নগাওঁৰ সটো হয়বৰত । দীপক বৰা আৰু দিপালী বৰাৰ সন্তান এই গৰাকী সু সন্তান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ । সৌস্যদীপ বৰাৰ সাফল্যই সুখৰ বতৰা কঢ়িয়াই আনিছে পৰিয়ালৰ লগতে নগাঁও জিলালৈ ।

The post গুজৰাটত অসমৰ সন্তান সৌম্যদীপ বৰাৰ সাফল্য, ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে সোনৰ পদক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3urPyVu
via IFTTT

Comments