বোমাতংক! মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি গাড়ী উদ্ধাৰ

দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত বোমাতংকৰ চাঞ্চল্য। আম্বানিৰ বাসভৱন এন্টিলিয়াৰৰ সন্মুখত উদ্ধাৰ হয় এখন বিস্ফোৰক ভৰ্তি গাড়ী।

পৰিত্যক্ত এখন গাড়ী অঞ্চলটোত ৰৈ থকা দেখি স্থানীয় বাসিন্দাসকলৰ সন্দেহ ওপজে। লগে লগে তেওঁলোকে আৰক্ষীক খৱৰ দিয়ে।

বৃহস্পতিবাৰে আবেলি এই ঘটনাই স্বাভাৱিকতে আতংকৰ সৃষ্টি কৰে। বহুসময় ধৰি এখন এছ য়ু ভি আম্বানিৰ ঘৰৰ সন্মুখত ৰৈ থকা দেখা গৈছিল।

মুম্বাই আৰক্ষীয়ে ততাতয়াকৈ বোম স্কোৱাডক খৱৰ দিয়ে। বোম স্কোৱাড আহি গাড়ীখন পৰীক্ষা কৰি দেখা পায় যে পৰিত্যক্ত গাড়ীখনত ২০ডাল জিলেটিন ষ্টিক আছে।

গামদেবী থানাৰ পৰা অহা বিশাল আৰক্ষী বাহিনীয়ে গোটেই অঞ্চলটো ঘেৰি পেলায়। তদুপৰি, ডগ স্কোৱাডকো মাতি পঠিওৱা হয়।

মু্বাই আৰক্ষীয়ে ২০ডাল জিলেটিন ষ্টিকৰ বাহিৰে আন কোনো বিস্ফোৰক পোৱা নাই বুলি জানিবলৈ দিয়ে।

গাড়ীখনৰ ভিতৰত কেইবাখনো নাম্বাৰ প্লেট পোৱা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মুকেশ আম্বানিৰ নিৰাপত্তাত ব্যৱহৃত গাড়ীৰ নম্বৰৰ সৈতে নাম্বাৰ প্লেটৰ নম্বৰৰ মিল আছে।

মহাৰাষ্ট্ৰৰ গৃহ বিভাগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ সৈতে জৰিতক কঠোৰ শাস্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে। এই গোটেই ঘটনাৰ তদন্ত কৰিব মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে।

সদ্যহতে গোটেই অঞ্চচলটোতে ব্যাপক আৰক্ষীৰ লোক নিয়োগ কৰাৰ লগতে চিচিটিভিৰ ফুটেজসমূহো পৰীক্ষা কৰি চোৱা হৈছে।

The post বোমাতংক! মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি গাড়ী উদ্ধাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2NXBsdI
via IFTTT

Comments