মানকাচৰৰ ফেকামাৰীত পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ ফেকামাৰীত মঙলবাৰে নিশা প্ৰায় ১০ বজাত এক পথ দুৰ্ঘটনাৰ ফলত দুজনকৈ লোক গুৰুতৰ ভাবে আহত হৈ দুয়োক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগত থকা ফেকামাৰী বজাৰৰ কাষত এই পথ দুৰ্ঘটনা সংঘটিত হয়। বাতৰি মতে বিহাৰ ৰাজ্যৰ মনিৰুল হুচেইনৰ পুত্ৰ ওয়াজেদ আলি (৩৪) নামৰ যুৱক জন ফেকামাৰীত গাঁৱত অস্থায়ী ভাবে থাকি ব্যৱসায় কৰি আহিছে।

প্ৰতি দিনৰ দৰে মঙলবাৰেও নিশা দোকান বন্ধ কৰি চাইলেল খন লৈ ভাড়া ঘৰৰ ফালে আহি থকা অৱস্থাত পিছফালৰ পৰা দ্ৰুতবেগী মটৰ চাইকেল এখনে চাইকেল খনক খুন্ধা মাৰে। ফলত এক ভয়াবহ পথ দুৰ্ঘটনা হয়। এই দুৰ্ঘটনাত চাইকেল আৰোহী ওয়াজেদ আলি আহত হোৱাৰ লগতে মটৰ চাইকেলৰ চালক মজনু শেখ গুৰুতৰ ভাবে আহত হয়। লগে লগে প্ৰত্যক্ষদর্শীয়ে দুয়োক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। সম্প্ৰতি দুয়ো চিকিৎসাধীন অৱস্থাত আছে।

The post মানকাচৰৰ ফেকামাৰীত পথ দুৰ্ঘটনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qOtX7z
via IFTTT

Comments