উইঘূৰ গণহত্যা অভিযোগ অস্বীকাৰ চীনৰ : চৰজমিনৰ বাবে আমন্ত্ৰণ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিক

উইঘূৰ গণহত্যাৰ অভিযোগ পুনৰ অস্বীকাৰ কৰিছে চীনে। বেইজিঙে ওলোটাই বিশ্ব সম্প্ৰদায়ক কৈছে যে চীনৰ সংখ্যালঘু ইউঘূৰসকলে দেশখনত স্বাধীনভাৱে জীৱন যাপন কৰি আহিছে।

বেইজিঙে দাবী কৰি কয় যে চীনত সংখ্যালঘু ইউঘূৰসকলক ধৰ্মীয় আৰু শ্ৰমৰ স্বাধীনতা প্ৰদান কৰা হৈছে, তেওঁলোকক সকলোধৰণৰ নাগৰিক অধিকাৰ দিয়া হৈছ।

আনকি চীনে দেশখনত সংখ্যালঘুসকল কিমান সুৰক্ষিত সেয়া চৰজমিনৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি দলকো দেশখনলৈ আমন্ত্ৰণ কৰিছে।

ইফালে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত চীনৰ বৈদেশিক মন্ত্ৰী ওৱাং ইবলেনে কয় যে ইউঘূৰ মুছলাম অধ্যুষিত জিনজিয়াং প্ৰদেশত সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে অভিযান চলিছে। আৰু এই অভিযান আইন মানি চলোৱা হৈছে বুলিও তেওঁ দাবী কৰিছে।

“যোৱা চাৰে চাৰি বছৰ ধৰি জিনজিয়াঙত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱা নাই। জিনজিয়াঙৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ সাক্ষী হৈছে ইউঘূৰ মুছলমানসকল। তাতে গণহত্যা, বন্দীশিবিৰত ধৰ্মীয় উৎপীড়ন চলোৱাৰ যি অভিযোগ কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা।” চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়।

এনেধৰণৰ অভিযোগ আনি চীনৰ ভাৱমূৰ্তিত কালিমা সনাৰ চেষ্টা কৰা হৈছে বুলি চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰি প্ৰকৃত সত্য কি সেয়া চাবলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ এটা প্ৰতিনিধি দল দেশখনলৈ আমন্ত্ৰণ কৰিছে।

উল্লেখ্য যে ২০০৯ চনৰ জিনজিয়াং প্ৰদেশত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ জেৰ টানি ইউঘূৰ আৰু অন্যান্য মুছলমান জনগোষ্ঠীৰ ওপৰত চীনে দীৰ্ঘদিন ধৰি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

আনকি মুছলমান মহিলাসকলক জোৰকৈ বন্ধ্যাকৰণ কৰাৰ লগতে গৰ্ভপাত কৰাৰ দৰে অমানৱীয় কাম কৰা বুলিও চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে। যিবোৰ অভিযোগ চীনে পূৰ্বৰে পৰা অস্বীকাৰ কৰি আহিছে।

The post উইঘূৰ গণহত্যা অভিযোগ অস্বীকাৰ চীনৰ : চৰজমিনৰ বাবে আমন্ত্ৰণ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3qUryIe
via IFTTT

Comments