মাজ নিশাই দিবনক লৈ অহা হ’ল গুৱাহাটীলৈ, পত্নী সহ এম্বুলেণ্সেৰে আহি আত্মসমৰ্পন….

ডিজিটেল ডেস্ক : এছ আই কেলংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকাই আত্মসমৰ্পন কৰিলে । পাটাছাৰকুছিত দিবন ডেকাই পত্নীৰ সৈতে অত্মসমৰ্পন কৰে । অতি পৰিকল্পিত ভাবে ৰচা হৈছিল এই নাটক । সেই অনুসৰি আত্মসমৰ্পন কৰিলে বিজেপিৰ এই যুৱ নেতা জনে । কিন্তু প্ৰশ্ন হয় দিবন ডেকাক আৰক্ষীয়ে নিজৰ কব্জাত লোৱাৰ পিছত তদন্ত কিদৰে আগবাঢ়িব ।

নিশাই দিবন ডেকাক লৈঅহা হয় কাহিলীপাৰাৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ । জিপি সিঙে নিজে গৈ পাটাছাৰকুছিৰ পৰা লৈ আহে গুৱাহাটীলৈ । এছ আই কেলংকাৰীকলৈ শলঠেকত পৰা দিবন ডেকাকে বলিৰ পঠা সাজি আন সকলো বোৰ কথা লুকুৱাই ৰখাৰ পৰিকল্পনা কৰিছে । কিন্তু এতিয়ালৈ পিকে দত্তৰ সন্ধান পোৱা নাই আৰক্ষীয়ে । দিবনক ৰাজসাক্ষী কৰাৰ পৰিকল্পনাও কৰিছে ।
The post মাজ নিশাই দিবনক লৈ অহা হ’ল গুৱাহাটীলৈ, পত্নী সহ এম্বুলেণ্সেৰে আহি আত্মসমৰ্পন…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34aTg9O
via IFTTT
Comments
Post a Comment