ক’ভিডৰ পৰা মুক্ত হৈ ইটালীলৈ ৰাওনা হোৱাৰ প্ৰস্তুতি চলাইছে লাভলিনাই

জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই ক’ভিডমুক্ত হৈছে।

অলিম্পিকৰ প্ৰস্তুতিৰ বাবে এটা ভাৰতীয় দলৰ সৈতে ইটালীলৈ যাত্ৰা কৰাৰ বাবে বিমানত উঠিবলৈ কেইঘন্টামান বাকী থাকোতেই অৰ্থাৎ ১৫ অক্টোবৰত লাভলিনাৰ পজিটিভ ধৰা পৰে।

লাভলিনাই কৰ’না পজিটিভ হোৱাৰ বাবে ইটালী যাত্ৰা বাতিল কৰিবলগীয়া হ’ল।

ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠি লাভলিনাই কয়, ‘মই সকলো সাৱধানতা অৱলম্বন কৰাৰ পিছতো কেনেকৈ আক্ৰান্ত হ’লো নাজানো’।

বিশ্ব বক্সিং প্ৰতিযোগিতাত দুবাৰকৈ পদক বিজয়ী লাভলিনা বৰগোঁহাইয়ে বৰ্তমান ৭৫ শতাংশ ফিটনেছ ঘূৰাই পোৱা বুলিও মন্তব্য কৰিছে।

উল্লেখ্য যে লাভলিনাই ইটালীত এক ৫২দিনীয়া প্ৰশিক্ষণ শিৱিৰত ভাৰতীয় দলৰ সৈতে যোগ দিবলৈ যোৱাৰ পূৰ্বে অসমৰ তেওঁৰ গৃহ চহৰত থকা অসুখীয়া মাকৰ খবৰ ল’বলৈ ১১দিনৰ ছুটী লৈ আহিছিল।

তেওঁ অসমৰ পৰা ১১ অক্টোবৰত উভতি যোৱাৰ পাছতে ১৫ অক্টোবৰত য়ুৰোপ যাত্ৰাৰ পূৰ্বে দিল্লীত কৰাত ক’ৰ’না পৰীক্ষা কৰাত তেওঁৰ পজিটিভ ধৰা পৰে।

 

The post ক’ভিডৰ পৰা মুক্ত হৈ ইটালীলৈ ৰাওনা হোৱাৰ প্ৰস্তুতি চলাইছে লাভলিনাই appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3edgJLV
via IFTTT

Comments