বিষয়- পয়গম্বৰ মহম্মদৰ কাৰ্টুন; বাংলাদেশত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

পয়গম্বৰ মহম্মদৰ কাৰ্টুন অংকন কৰা সন্দৰ্ভত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণে সমৰ্থনযোগ্য স্থিতি গ্ৰহণ কৰা সন্দৰ্ভত বাংলাদেশত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

মঙলবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত সহস্ৰাধিক লোক সমবেত হৈ ফ্ৰান্স আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ঢাকাৰ ৰাজপথত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেকৰণৰ প্ৰতিমুৰ্তি দাহ কৰাৰ লগতে ফ্ৰান্সৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বৰ্জন কৰাৰ বাবে আহ্বান জনায়।

ইছলামী আন্দোলন বাংলাদেশ(আই এ বি)য়ে নামৰ সংগঠনটোৰ আহ্বানক্ৰমে এই প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত হৈছিল।

ঢাকা আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি প্ৰতিবাদস্থলীত প্ৰায় ৪০,০০০ প্ৰতিবাদকাৰী সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

উল্লেখযোগ্য যে, পয়গম্বৰ মহম্মদৰ কাৰ্টুন অঁকাক কেন্দ্ৰ কৰি ফ্ৰান্সৰ এগৰাকী ইতিহাসৰ শিক্ষকক হত্যা কৰাৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেকৰণে শিক্ষক গৰাকীৰ পক্ষত থিয় হৈছিল।

বাংলাদেশৰ উপৰিও পাকিস্তানতো ফ্ৰান্সৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে মেকৰণে ইছলামক অপমান কৰা বুলি অভিযোগ কৰে।

The post বিষয়- পয়গম্বৰ মহম্মদৰ কাৰ্টুন; বাংলাদেশত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3jB9Zsu
via IFTTT

Comments