বিহাৰ নিৰ্বাচন : প্ৰথম পৰ্যায়ত ৭১ টা সমষ্টি আৰম্ভ ভোটগ্ৰহন, ১০৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয়…

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৭১ খন আসনত বুধবাৰে আৰম্ভ হয় । বুধবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব ভোটদান । কোৰোনাৰ সংক্ৰমণৰ পৰা ভোটাৰৰ সুৰক্ষাৰ স্বাৰ্থত এক ঘন্টা বৃদ্ধি কৰা হৈছে ভোট দানৰ সময় সীমা । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২ কোটিৰো অধিক ভোটাৰে ১,০৬৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব । কোভিড-১৯ৰ মাজতে সুকলমে ভোট গ্ৰহণৰ বাবে বাবে নিৰ্বাচন আয়োগে জাৰি কৰিছে নীতি নিৰ্দেশনা ।

নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাসমূহৰ অধীনত এটা ভোটকেন্দ্ৰত ভোটাৰৰ সংখ্যা ১৬০০ৰ পৰা ১০০০ লৈ হ্ৰাস কৰা হৈছে। লগতে, 80 বছৰৰ ওপৰৰ লোকসকলৰ বাবে পোষ্টেল ভোটৰ সুবিধা প্ৰদান কৰা হৈছে। ইপিনে ইভিএম সমূহ পৰিষ্কাৰ কৰা, ভোটগ্ৰহণ কৰ্মী সকলক হেণ্ড চেনিটাইজাৰ, চাবোন তাপীয় স্কেনাৰৰ আদিৰ লগতে আৰু মাস্ক প্ৰদান কৰা হৈছে ।

নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথম পৰ্যায়ত ২.১৪ কোটি ভোটাৰে ভোটদানত অংশ ল’ব। ইয়াৰ ভিতৰত, ১.০১ কোটি মহিলা আৰু ৫৯৯ জন তৃতীয় লিঙ্গ। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৯৫২ গৰাকী পুৰুষ আৰু ১১৪ গৰাকী মহিলা। গয়া চহৰত আসনত সৰ্বাধিক ২৭ জন প্ৰাৰ্থী আছে ।

The post বিহাৰ নিৰ্বাচন : প্ৰথম পৰ্যায়ত ৭১ টা সমষ্টি আৰম্ভ ভোটগ্ৰহন, ১০৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয়… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Jh0Vwx
via IFTTT

Comments