আৰক্ষীৰ অভিযানত ফাৰ্মাচীৰ পৰা জব্দ অবৈধ নিচাযুক্ত টেবলেট
চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই ফাৰ্মাচিৰ পৰা অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে মঙলবাৰে বিয়লি এক তথ্যৰ ভিত্তিত ৰুণীখাতা থানাৰ আৰক্ষীয়ে ৰুণীখাতা বজাৰৰ নীলিখাং ওৱাৰী (৪৫) নামৰ এজন ব্যক্তিৰ ফাৰ্মাচিত অভিযান চলাই ২,৪৪০ টা স্পেচমো প্ৰক্সিভন নামৰ নিচাযুক্ত কেপচুল উদ্ধাৰ কৰে।
আৰু পঢ়িব পাৰিব : কংগ্ৰেছে ৰাজনীতি কৰিছে মিঞা সংগ্ৰাহালয়ক লৈ: ৰঞ্জিত দাস
ইতিমধ্যে আৰক্ষীয়ে আটক কৰা নীলিখাং ওৱাৰীৰ পৰা নগদ ৪,৩১০ টকা, এটা মোবাইল ফোন আৰু বিশেষ ধৰণৰ এয়াৰবেগ এটা জব্দ কৰে । এই সংক্ৰান্তত ৰুণীখাতা থানাত এখন গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
আৰু পঢ়িব পাৰিব : পৰকীয়া প্ৰেমৰ বাবেই নগাঁৱত হত্যাকাণ্ড! আটক স্বামী
উল্লেখ্য যে ধৃত ফাৰ্মাচিৰ স্বত্বাধিকাৰী নীলিখাং ওৱাৰী দীৰ্ঘদিনৰ পৰা ফাৰ্মাচিত অবৈধভাৱে নিচাযুক্ত কেপচুল মজুত ৰাখি বিক্ৰী কৰাৰ লগতে ভাৰত-ভুটান আন্তৰ্জাতিক সীমান্ত অঞ্চল দাদগিৰিত সৰবৰাহ কৰি আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । ৰুণীখাতা অঞ্চলত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ কৰি যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নীলিখাং ওৱাৰীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ৰুণীখাতা অঞ্চলৰ ৰাইজে আৰক্ষীৰ এই পদক্ষেপক শলাগ লৈছে।
The post আৰক্ষীৰ অভিযানত ফাৰ্মাচীৰ পৰা জব্দ অবৈধ নিচাযুক্ত টেবলেট appeared first on Prag News.
from Prag News https://ift.tt/31POHBh
via IFTTT
Comments
Post a Comment