বিজেপিৰ তিনি গৰাকী কৰ্মীক গুলিয়াই হত্যা…

ডিজিটেল ডেস্ক : জন্মু কাশ্মীৰৰ কুলগাম গাওঁত সংঘটিত হয় এক হত্যাকাণ্ড । তিনি গৰাকী বিজেপি কৰ্মীক হত্যা কৰে সন্ত্ৰাসবাদীয়ে । এই কথা স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে কয় – বৃহস্পতিবাৰে প্ৰায় ৪ বাজি ২০ মিনিটত কুলৰাম আৰক্ষীয়ে ৱাই কে পৰা গাওঁত সন্ত্ৰাসবাদীৰ আক্ৰমনৰ ঘটনাৰ তথ্য লাভ কৰে । য’ত তিনি গৰাকী বিজেপি কৰ্মীক গুলিচালনাৰ ঘটনা সংঘটিত হৈছে । ঘটনাৰ সবিশেষৰ বাবে আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ।চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষনা কৰে ।

আৰক্ষীয়ে কোৱা অনুসৰি “প্ৰাথমিক তদন্তত দেখা গৈছে যে সন্ত্ৰাবাদীয়ে বিজেপি জিলা যুৱ সাধাৰণ সম্পাদক ফিদা হুছেইন য়াটু , কৰ্মী ওমৰ ৰছিদ আৰু ওমৰ ৰমজান হাজমক গুলীবৰ্ষন কৰে । মৃত বিজেপি কৰ্মী কেইগৰাকী ৱাইকে পুৰাৰ স্থানীয় বাসিন্দা ।

The post বিজেপিৰ তিনি গৰাকী কৰ্মীক গুলিয়াই হত্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jFVvro
via IFTTT

Comments