সুউচ্চ বিদ্যুৎ পৰিবাহী টাৱাৰত কেবাঘণ্টা ধৰি বহি আৰক্ষীক সৰিয়হ ফুল দেখুৱালে এজন লোকে

কৃষ্ণাই আৰিমাৰাত আৰক্ষীক সৰিয়হ ফুল দেখুৱালে এগৰাকী লোকে৷ সুউচ্চ বিদ্যুৎ পৰিবাহী টাৱাৰত কেবাঘণ্টা ধৰি বহি থকা এজন লোকক টাৱাৰৰ পৰা নমাই আনিবলৈ সহায় ল’ব লগা হয় SDRFৰ। এক শ্বাসৰুদ্ধকাৰী অভিযান ৷

ঘটনাৰ বিৱৰণীৰ মতে গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত আৰিমাৰাত কালি এগৰাকী  লোকে এই কাণ্ড সংঘটিত কৰে৷

পুৱা ১১ মান বজাত হঠাৎ উচ্চ প্ৰাবল্য বিদ্যুৎ পৰিৱাহী সুউচ্চ টাৱাৰত লোক এজন বহি থকা দেখি স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে৷

স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়৷

আৰক্ষী তথা ৰাইজে লোকজনক তললৈ নামি আহিবলৈ বহু সময় ধৰি ইংগিত দিয়ে যদিও প্ৰায় ৫ ঘন্টা ধৰি প্ৰচণ্ড ৰদত বহিয়ে থাকে লোকজন৷ অৱশেষত SDRFএ এক শ্বাসৰুদ্ধকাৰী অভিযান চলাই উদ্ধাৰ কৰি তললৈ লৈ আহে লোকজনক৷

লোকজনৰ ঘৰ কৃষ্ণাইৰ খৰিধৰাৰ ৰামপুৰত বুলি জানিবপৰা গৈছে৷ লোকজনক মানসিক ভাৱে কিছু বাধাগ্ৰস্ত বুলি সন্দেহ কৰিছে ৰাইজে৷

ইফালে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধাননি পথাৰত থকা টাৱাৰত সংঘটিত এই নাটকীয় দৃশ্য চাবলৈ শ শ লোকৰ হেতা-ওপৰা লাগে৷

ইপিনে গোৱালপাৰা আৰক্ষীৰ তৎপৰতাক লৈ ৰাইজে শলাগ লয়৷

The post সুউচ্চ বিদ্যুৎ পৰিবাহী টাৱাৰত কেবাঘণ্টা ধৰি বহি আৰক্ষীক সৰিয়হ ফুল দেখুৱালে এজন লোকে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3oCsOiE
via IFTTT

Comments