ASCRDA আইনৰ আওঁতাৰ পৰা ৰাভা হাছঙৰ গাঁও কৰ্তন…

ডিজিটেল সংবাদ, ধূপধৰাঃ ৰাভা হাছং আন্দোলনত নতুন মোৰ ৷ অৱশেষত ৰাভা জাতীয় সংগঠনসমুহৰ আন্দোলনৰ পিচত ৰাজ্য চৰকাৰে Assam State Capital Region Development Authority Act অৰ্থাৎ ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকাৰী আইন ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদত বাতিল কৰিবলৈ বাধ্য হল ৷
আইনখনৰ সংশোধনীৰ জৰিয়তে ৰাভা হাছঙৰ ৩৭৮ খন গাঁও এই আইনৰ আওতাৰ পৰা অসম চৰকাৰে কৰ্তন কৰাৰ কথা LGL.234/2017/34, Dated 19th October, 2020 নং অসম ৰাজপত্ৰৰ যোগেদি প্ৰকাশ কৰিছে ৷ দুধনৈত বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ৷
চৰকাৰৰ এই সিদ্ধান্তৰ বাবে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষা-বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে যোৱা ১৫ অক্টোবৰৰ পৰা চৰকাৰৰ বিৰুদ্ধে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি জনজাগৰণ সভা অনুষ্ঠিত কৰি আহিছিল ছয় ৰাভা জাতীয় সংগঠনে ৷
ৰাভা হাছঙক ASCRDA ৰ আওতাৰ বাহিৰত ৰখাৰ উপৰি ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ দাবীৰে শেহতীয়া আন্দোলন আৰম্ভ কৰিছিল ৰাভা সংগঠনসমুহে ৷ দুটা দাবীৰ এটা চৰকাৰে মানি লোৱাৰ পিচতে চৰকাৰৰ বিৰুদ্ধে কিছু নৰম স্থিতি গ্ৰহণ কৰি টংকেশ্বৰ ৰাভাই কয় যে এখন ঘৰত ককাই-ভাইৰ মাজত কাজিয়া হয়েই, আৰু সেয়া স্থায়ী নহয় ৷ তেওঁ লগতে ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলিও আশা প্ৰকাশ কৰে ৷
উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা টংকেশ্বৰ ৰাভাই তাৎপৰ্যপূৰ্ণভাৱে সংবাদমেলত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বিজেপিৰে মিত্ৰতাত থাকি আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো ইংগিত প্ৰদান কৰে ৷ এতিয়া ৰাজ্য চৰকাৰে ৰাভা হাছঙৰ আনটো দাবীৰ প্ৰতি কেনেদৰে সঁহাৰি জনায় আৰু ৰাভা হাছঙত চলি থকা বিজেপি চৰকাৰ বিৰোধী আন্দোলনে কি ৰূপ লয় সেয়া হ’ব লক্ষণীয় ৷
The post ASCRDA আইনৰ আওঁতাৰ পৰা ৰাভা হাছঙৰ গাঁও কৰ্তন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kCte6k
via IFTTT
Comments
Post a Comment