বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ কিমান শতাংশ লোকে সাব্যস্ত কৰিলে ভোটাধিকাৰ…

ডিজিটেল ডেস্কঃ যোৱা বুধবাৰে বিহাৰ বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰায় সুকলমে অনুষ্ঠিত হয়। শেহতীয়াকৈ নিৰ্বাচনী আয়োগে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণক লৈ এই তথ্য সদৰি কৰিছে যে, এই পৰ্যায়ত ৫৩.৫৩শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

নিৰ্বাচনী আয়োগে সদৰি কৰা অনুসৰি, ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৭১টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটগ্ৰহণৰ হাৰ হৈছে বাঙ্কা জিলা। জিলাখনত ৫৯.৫৭শতাংশ লোকে ভোটধিকাৰ সাব্যস্ত কৰে। ইফালে মুঙ্গেৰ জিলাত সকলোতকৈ কম ৪৭.৩৬শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

The post বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ কিমান শতাংশ লোকে সাব্যস্ত কৰিলে ভোটাধিকাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mK1P35
via IFTTT

Comments