মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি ওপজা দিন…

ডিজিটেল ডেস্কঃ ৫৯বছৰীয়া হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড় জিলাৰ মুলুক গাঁৱত ১৯৬২ চনৰ আজিৰ দিনটোতে সৰ্বানন্দ সোণোৱালৰ জন্ম। প্ৰথমে ছাত্ৰ ৰাজনীতি আৰু তাৰ পাছতে সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰা সোণোৱালক আজিৰ দিনটোত অসংখ্যা গুণমুগ্ধই শুভকামনা জনাইছে।
মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱাল আছুৰ লগত জড়িত আছিল৷আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে৷লগতে ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে৷
সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত অসম গণ পৰিষদত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়৷ তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়৷ ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে৷
সৰ্বানন্দ সোণোৱালে মুলুক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে৷ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷
ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত আইন শিক্ষা সমাপ্ত কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেচনত ডিগ্ৰী লাভ কৰে৷
সৰ্বানন্দ সোণোৱালে বিতৰ্কিত আই এম ডি টি আইনৰ বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়৷ যাৰফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়৷ তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিবাহ কৰে৷ ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়৷
২০১৪ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ এই বিজয়ৰ দ্বাৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদভাৰ গ্ৰহণ কৰে৷
The post মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি ওপজা দিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31YFVRk
via IFTTT
Comments
Post a Comment