নাগালেণ্ডৰ নকলাকত দুৰ্ঘটনা, তিনিজন নিহত…

ডিজিটেল সংবাদ ৱাখাঃ নাগালেণ্ডৰ নকলাকত এখন যাত্ৰীবাহী টাটা ছুম দুৰ্ঘটনাত পতিত হোৱাত থিতাতে তিনি জনলোকৰ মৃত্যু হয় । জানিব পৰামতে আজি পুৱা ম্যানমাৰ সীমান্তৰ নকলাক পৰা টুৱেনচাঙ চহৰ লৈ বুলি আহি থকা ছুমখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা জুৰিত বাগৰি পৰে । ফলত তিনিজন যাত্ৰী নিহত হোৱাৰ লগতে এজন গুৰুত্বভাৱে আহত হয় । আহত যাত্ৰীজনক ইতিমধ্যে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
The post নাগালেণ্ডৰ নকলাকত দুৰ্ঘটনা, তিনিজন নিহত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37VH5kD
via IFTTT
Comments
Post a Comment