নগাঁৱৰ পুৰণিগুদামত কোভিড প্ৰ’টকল মানি মঞ্চস্থ হ’ল ‘বাক’…

ডিজিটেল সংবাদ চামগুৰি : মহামাৰী কোৰোণা ভাইৰাচৰ বাবে সম্পূৰ্ণ স্তব্ধ হৈ পৰিছিল সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠান। কিন্তু এই ক’ৰোণা মহামাৰীৰ মাজতেই এটা ইতিবাচক খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে নাট্যানুৰাগী সকলৰ মাজলৈ ।

কোৰোণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে সম্পূৰ্ণ  কোডিড প্ৰটকল মানি নগাঁৱৰ পুৰণিগুদামত মঞ্চস্থ হ’ল এখন বিশেষ নাটক ।যিখন নাটকত মানি চলা হ’ল সম্পূৰ্ণ কোভিড প্ৰট’কল,প্ৰেক্ষাগৃহত দৰ্শকে ব্যৱহাৰ কৰিলে মাস্ক আৰু চেনিটাইজাৰ,দৰ্শকে  বজাই ৰাখিলে সামাজিক দূৰত্ব।

ইতিমধ্যে মহামাৰী কোৰোণা ভাইৰাচৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পাছৰে সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ হৈ পৰিছিল সকলো সাংস্কৃতিক অনুষ্ঠান,কিন্তু শেহতীয়াকৈ নগাঁৱৰ পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠীয়ে সম্পূৰ্ণ কোভিড প্ৰটকল মানি সীমিত সংখ্যক দৰ্শকৰ মাজত পুৰণিগুদাম ড৹ ভৱেন্দ্ৰনাথ নাথ শইকীয়া প্ৰেক্ষাগৃহত  নৰেন পাটগিৰি ৰচিত আৰু দীপক বৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ্য নাটক ” বাক ” প্ৰৰ্দশন কৰিলে ।উল্লেখ্য যে এই বিশেষ নাটক খন চলিত বৰ্ষৰ এপিল মাহতে মঞ্চস্থ কৰা কথা আছিল যদিও মহামাৰীৰ ভয়াৱহতাৰ বাবে বহু দিন পিছুৱাই মঞ্চস্থ কৰিলে আয়োজক মণ্ডলীয়ে।

The post নগাঁৱৰ পুৰণিগুদামত কোভিড প্ৰ’টকল মানি মঞ্চস্থ হ’ল ‘বাক’… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37TReyj
via IFTTT

Comments