শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় অসমবাসীৰ বাবে গ্ৰহণযোগ্য শব্দ নহয় : পৰমান্দ ৰাজবংশী

ডিজিটেল সংবাদ,মঙলদৈ : কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে ‘মিঞা মিউজিয়াম’ দাবী জনোৱাক লৈ ৰাজ্যজুৰি চলি থকা বিতৰ্কৰ মাজতে বৃহস্পতি বাৰে মঙলদৈত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সাহিত্য সভা ৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।
মিয়া মিউজিয়াম সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড পৰমানন্দ ৰাজবংশীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মই আচৰিত হৈছো মিয়া মিউজিয়াম তাকো শংকৰদেৱ কলাক্ষেত্ৰত ই কেতিয়াও সম্ভৱ নহয় , এই কথা কেতিয়াও মানি লব নোৱাৰি। শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত “মিয়া” শব্দটো কোনো ক্ষেত্ৰতে গ্রহণযোগ্য নহয়। মিয়া মিউজিয়াম হব নোৱাৰে। কাৰণ ৬বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত লাভ কৰা এই শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত কেতিয়াও এনে মিউজিয়ামৰ কথা আহিবই নোৱাৰে।
অবশ্যে মিয়া শব্দৰ অৰ্থটো সুন্দৰ বুলি উল্লেখ কৰি ৰাজবংশীয়ে কয় ” মিয়া মানে ডাঙৰীয়া। ৬ বছৰীয়া অসম আন্দোলনৰ সময়ত মিয়া শব্দটো এটা ঠেক শব্দলৈ পৰ্যবসিত হৈছিল। লগতে ডাঃ ৰাজবংশীয়ে কয় যে চৰ চাপৰিত অকল ধৰ্মীয় সংখ্যা লঘু লোক সকলেই নাথাকে। আমাৰ খিলঞ্জীয়া লোকো থাকে। লগতে যি সকলে এই মিউজিয়ামৰ প্ৰস্তাৱ আনিছিল তেতিয়াই এই কাৰ্যত বাধা দিব লাগিছিল অনুমোদন বা সন্মতি প্ৰদান কৰা সেই সকল ব্যক্তিও আজি সমপৰিমানে জগৰীয়া ।”
The post শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় অসমবাসীৰ বাবে গ্ৰহণযোগ্য শব্দ নহয় : পৰমান্দ ৰাজবংশী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HIfXui
via IFTTT
Comments
Post a Comment