শুক্ৰবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন হ’ব লক্ষ্মী পূজা…

ডিজিটেল ডেস্ক : শুক্ৰবাৰে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা । শুক্ৰবাৰে লক্ষ্মী বন্দনাৰে মুখৰিত হ’ব ৰাজ্যৰ প্ৰান্ত । কোৰোনাকেন্দ্ৰীক ভয়াবহ পৰিস্থিতিৰ মাজত ৰাজ্যৰ লক্ষ্মী মন্দিৰ সমূহৰ লগতে ঘৰে ঘৰে চলিব লক্ষ্মী দেৱীৰ আৰাধনা ।

শুক্ৰবাৰে ধন-সম্পদ,ঐশ্বৰ্য-বিভূতি,সৌভাগ্যদায়িনী দেবী মহালক্ষ্মীৰবিশেষ পূজা আৰাধনাৰ দিন ।পঞ্জিকা অনুসৰি শুক্ৰবাৰে সন্ধিয়া ৫ বাজি ৩০ মিনিটৰ লক্ষ্মী পূৰ্নিমা তিথি আৰম্ভ হোৱাৰ লগতে শনিবাৰে সন্ধিয়া ৭ বজাত অন্ত পৰিব পূৰ্নিমা তিথি । লক্ষ্মী পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন ৰাজহুৱা স্থানত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব লক্ষ্মী পূজা ।

The post শুক্ৰবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন হ’ব লক্ষ্মী পূজা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Jk4wtD
via IFTTT

Comments