হাৰমতীত নিশা ধৰ্ষণৰ ঘটনা, বাহনসহ আটক ধৰ্ষণকাৰী চালক…

ডিজিটেল সংবাদ,বান্দৰদেৱা : বৃহস্পতিবাৰে নিশা বান্দৰদেৱাৰ সমীপৰ ২ নং পাৰ্বতীপুৰত ধৰ্ষণৰ ঘটনা।গোবিন শৰ্মা নামৰ এজন মেজিক চালকে দুগৰাকী কিশোৰীক ইটানগৰৰ বাচষ্টেন্ডৰ পৰা নামচাইৰ ঘৰলৈ থৈ অহাৰ প্ৰতিশ্ৰুতি দি হাৰমতী আৰক্ষী চকীৰ অন্তৰ্গত কোনো অজ্ঞাত ঠাইত নিশা ধৰ্ষণ কৰি মেজিকখনৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নমাই দিয়ে জ্যেষ্ঠা গৰাকীক।
অন্য গৰাকী ১৩ বছৰীয়া কিশোৰীক নিজৰ মেজিকখনত লৈ ডিক্ৰং নদীৰ পাৰত ধৰ্ষণৰ প্ৰচেষ্টা চলাওতেই স্থানীয় এজন যুবকৰ তৎপৰতাত ৰক্ষা পৰে কনমানি গৰাকী।হাৰমতী আৰক্ষীয়ে নিশাই কিশোৰী গৰাকী উদ্ধাৰ কৰাৰ লগতে গোবিন।শৰ্মাক বাহনসহ আটক কৰে।ইফালে অদ্যপি উদ্ধাৰ হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথত নিশা ধৰ্ষণ কৰি নমাই দিয়া আন গৰাকীৰ।
The post হাৰমতীত নিশা ধৰ্ষণৰ ঘটনা, বাহনসহ আটক ধৰ্ষণকাৰী চালক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ir2io2
via IFTTT
Comments
Post a Comment