মহামাৰী আইনৰ অধীনত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ…

ডিজিটেল ডেস্ক : মহামাৰী আইনৰ অধীনত, নয়ডা আৰক্ষীয়ে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু পূৱ উত্তৰ প্ৰদেশৰ দায়িত্বত থকা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাডৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । প্ৰিয়ংকা আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ইকোটেক ফৰেষ্ট থানাত ৰুজু কৰা হৈছে গোচৰ ।

একে সময়তে, ১৫০ জন কংগ্ৰেছ কৰ্মীৰ নামো অন্তৰ্ভূক্ত কৰা হৈছে। তথ্য অনুসৰি, ৫০ জন অপৰিচয় ব্যক্তিৰ ওপৰতো ৰুজু কৰা হৈছে গোচৰ ।সকলোৰে বাবে ১৮৮, ২৬৯, ২৭০IPC নম্বৰত গোচৰ ৰুজু কৰা হৈছে ।

The post মহামাৰী আইনৰ অধীনত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33lNYsI
via IFTTT

Comments