ট্ৰাম্প দম্পত্তিৰ দেহত ওলাল কৰ’না ! টুইটত জনালে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে

ৱাশ্বিংটন : মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলেনিয়া ট্ৰাম্পৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ৷ ট্ৰাম্পে টুইটযোগে কিছুসময় পূৰ্বে এই কথা স্পষ্ট কৰে৷ লগতে সোনকালে আৰোগ্য হৈ উঠাৰ বাবে চেষ্টা চলোৱাৰ কথাও প্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব : হাথৰছ কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ কথমপি ৰক্ষা লখিমপুৰৰ যুৱতী !

জানিব পৰা মতে বৰ্তমান ৰাষ্ট্ৰপতিগৰাকী কোৱাৰেন্টাইনত আছে৷ ক’ভিড পৰীক্ষা কৰোৱাৰ পাছৰে পৰা ট্ৰাম্প দম্পত্তিহাল কোৱাৰেন্টাইনত আছে বুলি জানিব পৰা গৈছিল৷

আৰু পঢ়িব পাৰিব : ডাইনী সন্দেহত জঘন্য হত্যাকাণ্ড : বিধৱা মহিলাসহ দুজনৰ মৃত্যু

উল্লেখ্য যে বিশ্বৰ সবাতোকৈ ক’ৰনাত ক্ষতিগ্ৰস্ত দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান ৰোগীৰ সংখ্যা হৈছেগৈ ৭৪ লাখ ৯৪ হাজাৰ ৬১৭ জন৷ ইয়াৰ উপৰি মৃত্যু হৈছে ২১লাখৰো অধিক লোক৷

The post ট্ৰাম্প দম্পত্তিৰ দেহত ওলাল কৰ’না ! টুইটত জনালে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে appeared first on Prag News.



from Prag News https://ift.tt/2EQYi2o
via IFTTT

Comments