জন্মদিনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ…

ডিজিটেল ডেস্ক : আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জন্মদিন । ১৯৪৫ চনৰ ১ অক্টোবৰত উত্তৰ প্ৰদেশৰ পাৰাউংখত জন্ম হৈছিল ৰাষ্ট্ৰপতি কোবিন্দৰ । ২০১৭ চনৰ ২৫ জুলাইত দেশৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে কোবিন্দে শপত লৈছিল । জন্মদিনৰ উপলক্ষে ৰাষ্ট্ৰপতি কোবিন্দক বিভিন্ন জনৰ শুভেচ্ছা জ্ঞাপন ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জন্মদিনৰ শুভ্চ্ছা জনালে ৰামনাথ কোবিন্দক । তেওঁৰ জ্ঞান আৰু অভিজ্ঞতাই দেশক সমৃদ্ধ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ বক্তব্য । শুভেচ্ছাবাণীত ৰামনাথ কোবিন্দৰ দিৰ্ঘায়ু কামনা প্ৰধানমন্ত্ৰী মোডীৰ ।
The post জন্মদিনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30qaIpI
via IFTTT
Comments
Post a Comment