আই পি এলৰ এখন খেলৰ সময়ত ক্ৰিকেট বলত থু লগাই থকা দেখা গ’ল ৰবীন উত্থাপ্পাক

য়ু এ ইত চলি থকা আই পি এলৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰোয়েলছৰ মাজৰ এখন খেলৰ সময়ত ক্ৰিকেট বলত থু লগাই থকা অৱস্থাত দেখা গ’ল ৰাজস্থান ৰোয়েলছৰ বেটছমেন ৰবীন উত্থাপ্পাক।

খেলখনত ৰাজস্থান ৰোয়েলছে বলিং কৰি থকা সময়ত তৃতীয় অভাৰৰ পঞ্চমটো বলত উত্থাপাই সুনীল নাৰায়নিৰ এটা কেচ ড্ৰপ কৰি বলত ভুলবশত থু লগোৱা দেখা যায়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ক্ৰিকেট বলত থু লগোৱাটো নিষিদ্ধ কৰিছিল।

আই চি চিয়ে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ক্ৰিকেট বলত থু লগোৱা নিষিদ্ধ কৰিলেও বহু কেইগৰাকী ক্ৰিকেটাৰে স্বভাৱগত অভ্যাস অনুসৰি ভুলবশত বলত থু লগোৱা দেখা গৈছিল আৰু আম্পায়াৰে তেওঁলোকক এইক্ষেত্ৰত সজাগ কৰি দিয়াও দেখা গৈছিল।

মঙলবাৰে নিশা ৰাজস্থান আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে অতি সহজে ৰাজস্থান ৰোয়েলছক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

The post আই পি এলৰ এখন খেলৰ সময়ত ক্ৰিকেট বলত থু লগাই থকা দেখা গ’ল ৰবীন উত্থাপ্পাক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3idaecs
via IFTTT

Comments