শস্যৰ ন্যুনতম সহায়ক মূল্য ৫০ শতাংশ বৃদ্ধিৰ আশ্বাস কেন্দ্ৰৰ; আন্না হাজাৰেৰ অনশন প্ৰত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৩০ জানুৱাৰিৰ পৰা ঘোষণা কৰা আমৰণ অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে আন্না হাজাৰেই।

দিল্লীৰ সীমান্তত বিক্ষোভ চলাই থকা কৃষকসকলক সমৰ্থন জনাই শনিবাৰৰ পৰা বৰ্ষীয়ান সমাজকৰ্মী গৰাকীয়ে আমৰণ অনশনত বহাৰ কথা আছিল।

মহাৰাষ্ট্ৰৰ নিজৰ গাওঁতেই অনশনত বহাৰ কথা জনাইছিল ৮৪বছৰীয়া সমাজকৰ্মী আন্না হাজাৰেই।

কিন্তু শুকুৰবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেবেন্দ্ৰ ফাৰ্নবিছৰ সৈতে কথা পতাৰ পাছতে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা জনায় গান্ধীবাদী নেতাগৰাকীয়ে।

দেবেন্দ্ৰ ফাৰ্নবিছে সদ্যহতে আন্নাক অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ বাবে অনুৰোধ জনায়।

বাতৰি অনুসৰি, আন্না হাজাৰে অনশন বহাৰ কথা ঘোষণা কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰে। যিকোনো উপায়ে আন্নাক অনশনৰ পৰা বিৰত ৰখাৰ বাবে সচেষ্ট হৈ পৰে প্ৰধানমন্ত্ৰী মোদীকে ধৰি চৰকাৰৰ মন্ত্ৰীবৰ্গ। সেইদৰে কেন্দ্ৰ এগৰাকী মন্ত্ৰীয়ে তেওঁক সাক্ষাৎ কৰিবলৈকো গৈছিল।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন্নাৰ দাবী সম্পৰ্কে জানিব বিচাৰিছিল। সূত্ৰসমূহৰ মতে আন্না হাজাৰেৰ কিছু দাবী কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ কথা দিছে। অৱশ্যে সেই দাবীসমূহ কি সেয়া এতিয়াও সদৰী কৰা নাই।

আন্না হাজাৰে এক বিবৃতিযোগে জানিব দিছে যে কেন্দ্ৰীয় চৰকাৰে শস্যৰ ন্যুনতম সহায়ক মূল্য ৫০ শতাংশ বৃদ্ধিৰ আশ্বাস দিছে।

The post শস্যৰ ন্যুনতম সহায়ক মূল্য ৫০ শতাংশ বৃদ্ধিৰ আশ্বাস কেন্দ্ৰৰ; আন্না হাজাৰেৰ অনশন প্ৰত্যাহাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3j7JZ9y
via IFTTT

Comments