গণৰাজ্য দিৱসত এইবাৰ দেশবাসীয়ে আকাশত দেখিব এক নতুনত্ব…

ডিজিটেল ডেস্কঃ আজি গণৰাজ্য দিৱস। পতাকা উত্তোলনৰ পাছতে সমগ্ৰ বিশ্ববাসীক আজি ভাৰতে প্ৰদৰ্শন কৰিব সামৰিক শক্তি। এইবাৰৰ গণৰাজ্য দিৱসত এইবাৰ গণৰাজ্য দিৱসত বায়ুসেনাৰ ৩৮খন এয়াৰকাফ্ট, ১৭খন হেলিকপ্টাৰৰ শক্তিমূলক প্ৰদৰ্শন দেখিবলৈ পাব দেশবাসীয়ে।

উল্লেখ্য যে, এইবেলি দুটা পৰ্যায়ত ভাৰতীয়া বায়ু সেনাই শক্তি প্ৰদৰ্শন কৰিব। প্ৰথম পৰ্যায় আৰম্ভ হব ১০বাজি ৪মিনিটৰ পৰা আৰু দ্বিতীয় পৰ্যায় আৰম্ভ হব ১১.২০ বজাৰ পৰা। উল্লেখ্য যে, এইবাৰ গণৰাজ্য দিৱসত আকাশত খেল দেখুৱাব দেশৰ অন্যতম যুজাৰু বিমান ৰাফেলে। ভাৰতীয় সেনাবাহিনীৰ সৈতে সংযুক্ত হোৱাৰ পাছত প্ৰথমবাৰলৈ ৰাফেলে ভাৰতৰ আকাশত প্ৰদৰ্শন কৰিব নিজৰ শক্তি।

The post গণৰাজ্য দিৱসত এইবাৰ দেশবাসীয়ে আকাশত দেখিব এক নতুনত্ব… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sVv72o
via IFTTT

Comments