আজি ৭২তম গণৰাজ্য দিৱসঃ পুৱাই প্ৰধানমন্ত্ৰীৰ টুইট…

ডিজিটেল ডেস্কঃ আজি ৭২তম গণৰাজ্য দিৱস। প্ৰচণ্ড শীতৰ মাজতো পুৱাৰে পৰা দেশৰ ভিন্ন প্ৰান্তত পতাকা উত্তোলনৰ বাবে সকলো যাৱতীয় কাম-কাজ ইতিমধ্যে সমাপন হৈছে। পুৱাই দেশবাসীক উদ্দ্যেশি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

টুইটাৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰি মোডীয়ে লিখিছে- “Wishing all the people of India a Happy #RepublicDay . Jai Hind! উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি লিখিছে- ৭২তম গণৰাজ্য দিৱস উপলক্ষে প্ৰতিগৰাকী নাগৰিককে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিশেষ দিনটোত আমি সকলোৱে মিলি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লওঁ আহক আৰু দেশক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰোঁ।

The post আজি ৭২তম গণৰাজ্য দিৱসঃ পুৱাই প্ৰধানমন্ত্ৰীৰ টুইট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MtDZvC
via IFTTT

Comments