ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ
বুধবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ চৰকাৰী বাসগৃহৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনকাৰী ৮৭ গৰাকীকৈ শিক্ষক আহত হৈছে।
বিক্ষোভকাৰী শিক্ষকসকলক প্ৰতিবাদস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে বল প্ৰয়োগেৰে আঁতৰাবলৈ চেষ্টা কৰাৰ ফলতে ৮৭ গৰাকীকৈ শিক্ষক আহত হোৱা বুলি জানিব পৰৈ গৈছে।
বিক্ষোভকাৰী শিক্ষক আৰু নিৰাপত্তাৰক্ষী মাজত হোৱা হতাহতিত ১৭ গৰাকী নিৰাপত্তাৰক্ষীও আহত হৈছে বুলি প্ৰকাশ পাইছে।
আহত বিক্ষোভকাৰী শিক্ষকসকলৰ লগতে নিৰাপত্তাৰক্ষীসকলক আগৰতলা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে ইন্দিৰা গান্ধী মেম’ৰিয়েল হাস্পিতালত ভৰ্তি কৰোৱা হৈছে।
আনহাতে আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে ২২৩ গৰাকী বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে আইজিপি(আইন আৰু শৃংখলা) অৰিন্দম নাথে।
পশ্চিম ত্ৰিপুৰা জিলাৰ দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে বুধবাৰে পুৱাবেলাৰ পৰাই ত্ৰিপুৰাৰ সচিবালয় অঞ্চলত নিষেধাজ্ঞা জাৰি কৰিছিল। বিক্ষোভকাৰী শিক্ষকসকলে এই নিষেধাজ্জা উলংঘা কৰি মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ চেষ্টা কৰাৰ ফলতে দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়।
উল্লেখ্য যে, পূৰ্ব চৰকাৰৰ দিনত ত্ৰিপুৰাৰ প্ৰায় ১০ হাজাৰৰো অধিক শিক্ষকক উচ্চতম ন্যায়ালয়ে অবৈধভাৱে নিযুক্তি লাভ কৰা বুলি ঘোষণা কৰাৰ পিছত শিক্ষকসকলক চৰকাৰে বৰ্খাস্ত কৰিছিল।
উক্ত শিক্ষকসকলে পুনৰ নিযুক্তিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আন্দোলন আৰম্ভ কৰিছে।
বিক্ষোভকাৰী শিক্ষকসকলে অভিযোগ কৰিছে যে ২০১৮ চনত শাসনলৈ আহিলে বিজেপিয়ে শিক্ষকসকলৰ এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ক্ষমতা লাভ কৰাৰ পিছ বিপ্লৱ দেৱৰ চৰকাৰে ওলোটা খৰহে মাৰিছে।
ইফালে, জয়েন্ট ম’ভমেন্ট কমিটিৰ(JMC)ৰ আহ্বায়ক দালিয়া দাসৰ মতে ১০,৩২৩ গৰাকী চাকৰি হেৰুওৱা শিক্ষকৰ মাজৰ ৮৪ গৰাকী শিক্ষকে ইতিমধ্যে বিভিন্ন কাৰণত প্ৰাণ হেৰুৱাইছে।
The post ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3a78GPm
via IFTTT
Comments
Post a Comment