মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অসম ভ্ৰমণ কৰি যোৱাৰ ১৫ দিন পিছত অৰ্থাৎ ৭ ফেব্ৰুৱাৰিত পুনৰ এবাৰ ৰাজ্যখনলৈ আহিব।

অসম ৰাজ্যিক বিজেপি সূত্ৰই এই খবৰ নিশ্চিত কৰিছে।

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী মোদীৰ লগতে বিজেপি দলৰ আন আন শীৰ্ষ কেন্দ্ৰীয় নেতৃত্বৰ সঘনাই কৰিবলৈ ধৰা অসম ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

যোৱা ২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী মোদীয়ে শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত আয়োজিত এক বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ ১.০৬ লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰে।

পৰৱৰ্তী ভ্ৰমণত প্ৰধান মন্ত্ৰী মোদীয়ে বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে।

দলৰ সূত্ৰই জনাই যে প্ৰধান মন্ত্ৰী মোদীয়ে জিলাখনৰ গহপুৰৰ ওচৰত আন এটা কাৰ্যসূচীত অংশ ল’ব।

মোদীয়ে চহৰখনৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত বিশ্বনাথ চাৰিআলিৰ পুৰণি সাপ্তাহিক বজাৰত আধাৰশিলা স্থাপন কৰিব।

উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১২৬খন আসনৰ ১০০ৰো অধিক আসনত জয়ী হোৱাৰ লক্ষ্য বান্ধি লৈছে।

এই লক্ষ্যত উপনীত হ’বলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জেপি নাড্ডাকে ধৰি আন আন শীৰ্ষ নেতাসকলে অসমলৈ আহি ভোটাৰ আইজক আকৰ্ষিত কৰাৰ চেষ্টাত ব্ৰতী হৈছে।

The post মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2YhsCtb
via IFTTT

Comments