৮৭ বছৰীয়া ইতিহাস থমকি ৰ’ল; এইবাৰ অনুষ্ঠিত নহয় ৰঞ্জী ট্ৰফী

এইবছৰ ৰঞ্জী ট্ৰফী অনুষ্ঠিত নহয়। ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰা শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৮৭বছৰৰ পাছত এই প্ৰথমবাৰ বাতিল কৰা হৈছে ৰঞ্জী ট্ৰফী। অৱশ্যে, ৰঞ্জী ট্ৰফী বাতিল হ’লেও বিজয় হাজাৰে ট্ৰফী অনুষ্ঠিত হ’ব বুলি কোৱা হৈছে।

সেইদৰে ভাৰতীয় ক্ৰিকেট বোৰ্ডে ১৯ অনুৰ্দ্ধৰ ৰাষ্ট্ৰীয় এদিনীয়া মেচৰ টুৰ্মামেন্ট বিনু মানকড় ট্ৰফী তথা মহিলাৰ ৰাষ্ট্ৰীয় এদিনীয়া মেচৰ টুৰ্ণামেন্ট আয়োজন কৰিব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত বিচিচিআইৰ সচিবে ৰাজ্যসমূহৰ ক্ৰিকেট সংস্থাবোৰক এখন পত্ৰও প্ৰেৰণ কৰিছে।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবেই ৰঞ্জী ট্ৰফীৰ মেচ বাতিল কৰা বুলি ধাৰণা কৰা হৈছে। কিয়নো প্ৰায় দুমাহ ধৰি চলিবলগীয়া এই প্ৰতিযোগিতাত ইমান দিনৰ বাবে ক্ৰিকেটাৰসকলক জৈৱ সুৰক্ষা বলয়ৰ মাজত ৰখাটো যথেষ্ট কঠিন হ’ব।

বিচিচিআইৰ সচিব ৰাজ্যসমূহৰ সংস্থাক লিখা পত্ৰখনত কোৱা হৈছে যে মহিলাসকলৰ ৰাষ্ট্ৰীয় এদিনীয়া মেচৰ টুৰ্ণামেন্টৰ লগতে বিজয় হাজাৰে ট্ৰফী অনুষ্ঠিত কৰা হ’ব।

অহা মাহৰ পৰাই বিজয় হাজাৰে ট্ৰফী আৰম্ভ হ’ব। দলসমূহক একেটা গ্ৰুপতে আৰু বায়’ বাবলৰ মাজত ৰখা হ’ব।

সি যি নহওক, প্ৰথমবাৰৰ বাবে এইদৰে ৰঞ্জী ট্ৰফী অনুষ্ঠিত নোহোৱা খৱৰে স্বাভাৱিকতে ঘৰুৱা ক্ৰিকেটৰ উত্তৰণত প্ৰভাৱ পেলাব বুলি ক্ৰিকেট অনুৰাগী মহলত চৰ্চিত হৈছে।

The post ৮৭ বছৰীয়া ইতিহাস থমকি ৰ’ল; এইবাৰ অনুষ্ঠিত নহয় ৰঞ্জী ট্ৰফী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3pDoLCL
via IFTTT

Comments