অপৰাজিতা! পঢ়াশুনাৰ খৰচ জোগাৰ কৰিবলৈ ১০০ দিনৰ মজুৰি কৰিছে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীয়ে

বহি থাকিলে নচলে অভাৱৰ সংসাৰ। দুবেলা দুমুঠি খোৱাৰ জোগাৰ কৰোতেই হাবাথুৰি খাবলগীয়া অৱস্থা।

এনে পৰিস্থিতি নিজৰ কলেজৰ পঢ়াশুনাৰ খৰচ জোগাৰ কৰিবলৈ ১০০দিনৰ মজুৰি কৰিবলৈ নামিল ওড়িষ্যাৰ পুৰীৰ এগৰাকী চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী ৰ’জি বেহেৰা।

আচৰিত যেন লাগিলে এয়া সত্য ঘটনা। ৰ’জিৰ এই খৱৰ পোহৰলৈ অহাৰ পাছতে অজস্ৰ লোকে তেওঁৰ এই প্ৰত্যাহ্বানৰ যুঁজক প্ৰশংসাৰে উপচাই পেলাইছে।

বাতৰি অনুসৰি, ২০১৯চনত চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মাত পাছ কৰিছিল ৰ’জিয়ে। ইয়াৰ পাছত বি টেক কৰাৰ বাবে এখন বেচৰকাৰী ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰে।

পিছপৰা হৰিজন শ্ৰেণীৰ হোৱাৰ বাবে তেওঁক চৰকাৰৰ ফালৰ পৰা টিউছন ফী আগবঢ়োৱাৰ কথা জনোৱা হয়। কিন্তু কলেজৰ বাছৰ তথা হোষ্টেলৰ মাছুল দিবলগীয়া হৈছে ৰ’জিয়ে।

ইপিনে, স্থানীয় বিধায়ক তথা শিক্ষাৰ্থীগৰাকীৰ অনুৰোধ সত্ত্বেও কলেজ কৰ্তপক্ষই ৰ’জিৰ বাছৰ তথা হোষ্টেলৰ মাছুল ৰেহাই নিদিলে।

অৱশেষত উপায়হীন হৈ যোৱা তিনি চাৰি সপ্তাহ ধৰি এমএনৰেগাৰ কাম কৰিবলৈ আৰম্ভ কৰিছে ৰ’জি বেহেৰাই।

অভাৱগ্ৰস্ত ৰ’জিৰ পৰিয়ালত তেওঁৰ লগতে আৰু চাৰিগৰাকী ভনীয়েক আছে। সেয়ে নিজৰ খৰচ উলিয়াবলৈ ১০০দিনৰ কামত লাগিছে ৰ’জি। বৰ্তমান ৰ’জিয়ে দৈনিক ২০৭টকা উপাৰ্জন কৰিছে।

ইয়াৰ মাজতে এই খৱৰ পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰিছে প্ৰশাসন। স্থানীয় খণ্ড উন্নয়ন বিষয়াই ৰ’জিৰ পঢ়াশুনাৰ বাবে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।

The post অপৰাজিতা! পঢ়াশুনাৰ খৰচ জোগাৰ কৰিবলৈ ১০০ দিনৰ মজুৰি কৰিছে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3omz78I
via IFTTT

Comments