এন আৰ চিৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ দিয়া সমন্বয়কলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম কৰ্তনৰ বাবে জিলাসমূহৰ উপায়ুক্ত তথা ডিআৰচিআৰলৈ নিজাববীয়াকৈ নিৰ্দেশনা প্ৰেৰণ কৰা এনআৰচিৰ সমন্বয়ক হিতেশ দেৱ শৰ্মালৈ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক জাননী জাৰি কৰে।
মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে আবেদনকাৰী জমিয়ত উলেমা হিন্দৰ অধবক্তা কপিল ছিবালৰ যুক্তি শুনাৰ পাছত সমন্বয়ক গৰাকীলৈ এই জাননী জাৰি কৰে।
আবেদনকাৰী জমিয়ত উলেমা হিন্দে এনআৰচি সমন্বয়কগৰাকীয়ে দিয়া নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালৰ দ্বাৰস্থ হৈছিল।
এনআৰচিৰ সমন্বয়গৰাকীয়ে ২০২০ৰ অক্টোবৰত সকলো জিলা উপায়ুক্ত আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জিলা সমন্বয়কক চূড়ান্ত তালিকা পুনৰীক্ষণ কৰিবলৈ তথা নাম কৰ্তন কৰাৰ এক নিৰ্দেশনা দিছিল।
জমিয়তে আদালত অৱমাননা কৰা বুলি আবেদন জনাইছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ে ইয়াক হস্তক্ষেপ আবেদন হিচাপেহে গণ্য কৰি শুনানি লয়।
আবেদনকাৰী পক্ষই সমন্বয়কগৰাকীয়ে উচ্চতম ন্যায়ালয়ক অৱগত নকৰাকৈ ‘Citizenship Rules (Registration of Citizens on Issue of National Identity Cards) Rules 2003’ৰ সূচী ৪(ক)ৰ দফা ৪(৩) আৰু ৪(৬)ৰ অধীনত জিলা উপায়ুক্ত আৰু DRCRক এনেদৰে নিৰ্দেশ দিয়া কাৰ্য বে-আইনী বুলি উল্লেখ কৰে।
তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ চূড়ান্ত খচৰাৰ পৰা কাৰো নাম কৰ্তন নকৰিবলৈ নিৰ্দেশনা বিচাৰিছিল।
অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ সুক্ষ্ম নিৰীক্ষণত ৰূপায়ন কৰা হৈছে।
The post এন আৰ চিৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ দিয়া সমন্বয়কলৈ উচ্চতম ন্যায়ালয়ৰ জাননী appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3oxDIVq
via IFTTT
Comments
Post a Comment