কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাত ৮৬ জন আৰক্ষীৰ আহত, ১৫ টা গোচৰ ৰুুজু…

ডিজিটেল ডেস্ক : কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে গণৰাজ্য দিৱসৰ দিনটোত কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ট্ৰেক্টৰ ৰেলীত হোৱা হ্ংসাত্মক কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে বুধবাৰে ৰাতিপুৱালৈ ১৫ টা গোচৰ ৰুজু কৰে । মঙলবাৰৰ দিনটোত ট্ৰেক্টৰ ৰেলী আৰু আৰক্ষীৰ মাজত সংঘাত সৃষ্টি হয় । আৰক্ষীয়ে প্ৰতিবাদকাৰীক আতৰাবলৈ লাঠি চালনা, কন্দুৱা গেছ নিক্ষেপ কৰে ।

মঙলবাৰৰ দিনটোত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতৰ ফলত ৮৬ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হয় । কৃষক সংগঠন সমূহে লালকিল্লাত গণৰাজ্য দিৱসৰ দিনটোতে উৰুৱাইছিল কৃষকৰ পতাকা ।বুধবাৰে লালকিল্লাত অধিক আৰক্ষী আৰু অৰ্ধ সমাৰিক বাহিনী মোতায়েন কৰা হৈছে ।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, মুকাৰবা চক, গাজিপুৰ, আইটিঅ’, সীমাপুৰী, নাংলোই টি পইণ্ট, টিক্ৰী সীমা আৰু লালকিল্লাত কৃষক প্ৰতিবাদকাৰীৰ সৈতে সংঘটিত হোৱা সংঘাতৰ ফলত ৮৬ জন আৰক্ষী আহত হৈছে আৰু আঠখন বাছসহ ১৭ খন ব্যক্তিগত গাড়ী ক্ষতিগ্ৰস্ত হৈছে। গাজিপুৰ, সিংঘু আৰু টিক্ৰী সীমান্তত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই আহিছিল ।

The post কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাত ৮৬ জন আৰক্ষীৰ আহত, ১৫ টা গোচৰ ৰুুজু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qXyt3k
via IFTTT

Comments