কোকৰাঝাৰৰ সেৰফাংগুৰীত কুষ্ঠ নিবাৰণী দিৱস পালন
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সেৰফাংগুৰী হাইস্কুল প্ৰাঙ্গনত কোকৰাঝাৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ‘কুষ্ঠ নিবাৰণী দিৱস’ শীৰ্ষক এক অনুষ্ঠানৰ৷
ৰাষ্ট্ৰীয় কুষ্ঠ নিৰ্মূল কাৰ্যসূচীৰ অধীনত আয়োজন কৰা আজিৰ এই অনুষ্ঠানৰ কাৰ্যসূচীমতে পুৱা ১০ বজাত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক সুঁৱৰি ২ মিনিট সময় মৌন প্ৰাৰ্থনা অৱলম্বন কৰাৰ পিছত কুষ্ঠ ৰোগ সম্বন্ধে জনসচেতনতা বৃদ্ধিৰ বাবে ছেৰফাংগুৰী হাইস্কুলৰ কেইবাশ ছাত্ৰ-ছাত্ৰীক লগতলৈ এক সমদল উলিওৱা হয়।
দুপৰীয়া সেৰফাংগুৰী হাইস্কুলৰ প্ৰধান শিক্ষক উজ্জ্বল ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত দোতমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ বলোৰাম বৰ্মনে কয় যে কুষ্ঠ ৰোগ সম্বন্ধে এসময়ত সমাজত অন্ধবিশ্বাস আছিল আৰু সমাজৰ লোকে কুষ্ঠ ৰোগীক ঘৃণাৰ চকুৰে চাইছিল যদিও এতিয়া কুষ্ঠ ৰোগ সম্বন্ধে মানুহৰ ধাৰণা পৰিৱৰ্তন হবলৈ ধৰিছে আৰু কুষ্ঠ ৰোগীক এতিয়া সম্পূৰ্ণ আৰোগ্য কৰিব পৰা যায়৷
কোনো ব্যক্তিৰ যদি কুষ্ঠ ৰোগী দৃষ্টিগোচৰ হয় তেন্তে তেনে ব্যক্তিক চিকিৎসালয়লৈ পঠিয়াই দি বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰাত সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায় ডাঃ বৰ্মনে৷
সভাত সভাৰ উদ্যেশ্য ব্যাখ্যা কৰি ডাঃ ফিৰোজ আলীয়ে কয়, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিনটো ‘ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰনী দিৱস’ হিচাপে আমাৰ দেশে পালন কৰি আহিছে আৰু কুষ্ঠ ৰোগ নিবাৰণৰ ক্ষেত্ৰত আমি প্ৰত্যেকে ইজনে সিজনক সহায় কৰিব পাৰো৷
The post কোকৰাঝাৰৰ সেৰফাংগুৰীত কুষ্ঠ নিবাৰণী দিৱস পালন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3t9kTLT
via IFTTT
Comments
Post a Comment